/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/ffade5fc-76fd-41e6-b4bf-7aaac02d970a/kaz.jpg)
ডিজিটেল সংবাদ,কাজিৰঙা : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাতিকাষৰীয়া এখন গাঁৱৰ ৰাইজ এতিয়া বিপদত পৰিছে। এফালে যদি বোকাখাত প্ৰশাসনে ৰাইজক ডিফলু নদীৰ ৫ নং খণ্ডত মাছ মাৰিবলৈ অনুমতি প্ৰদান কৰিছে, আনফালে আকৌ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই তেওঁলোকক মাছ মাৰিবলৈ বাধা প্ৰদান কৰিছে।
উল্লেখ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ সীমামূৰীয়া ডিফলু নদীত অতীতৰে পৰা জাপৰিপথাৰৰ প্ৰায় ডেৰ শতাধিক পৰিয়ালে মৎস্য চিকাৰ কৰি জীৱিকা নিৰ্বাহ কৰি আহিছে। কিন্তু এনে পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ বন বিভাগে লোকসকলক মাছ মাৰিবলৈ বাধা প্ৰদান কৰাত এতিয়া বিপদত পৰিছে গাঁৱৰ ৰাইজ।
বন বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি প্ৰতিবাদমুখৰ হৈ পৰে গাঁওৰ ৰাইজ। বন বিভাগে ভয় ভাবুকিৰে তেওলোকক মাছ মাৰিবলৈ বাধা প্ৰদান কৰাত এতিয়া ক্ষোভিত গাৱঁখনৰ ৰাইজ।
Also Read: মানকাচৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ নামত দুৰ্নীতি
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us