মানকাচৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ নামত দুৰ্নীতি

মানকাচৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ নামত দুৰ্নীতি

author-image
Asomiya Pratidin
New Update
মানকাচৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ নামত দুৰ্নীতি

ডিজিটেল সংবাদ,মানকাচৰ : দুৰ্নীতি দমনৰ বাবে মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা কঠোৰ স্থিতিৰ মাজতে সংঘটিত হৈছে ব্যাপক অনিয়ম আৰু দুৰ্নীতি। মুখ্যমন্ত্ৰীৰ এই স্থিতিৰ প্ৰতি ভ্ৰক্ষেপ নাই একাংশৰ।

Advertisment

এইবাৰ পোহৰলৈ আহিছে মানকাচৰৰ পথুৰীয়া গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ নামত কৰা ভয়াৱহ দুৰ্নীতি। পঞ্চায়ত সভাপতি, সম্পাদক, হিতাধিকাৰী মিলি গৃহ নিৰ্মাণ নকৰাকৈ চৰকাৰী ধন আত্মহাত কৰাৰ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন হৈছে।

পঞ্চায়তখনত ৩গৰাকী হিতাধিকাৰীৰ নামত এই দুৰ্নীতি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে। পঞ্চায়ত খনৰ ৮ নং ৱাৰ্ডৰ হিতাধিকাৰী ৰেজিয়া খাতুন, চৈদূৰ মিয়া আৰু ছয়াজ আহেদ নামৰ হিতাধিকাৰী ৩জনৰ নামত ইতিমধ্যে PMAY-G ৰ গৃহ নিৰ্মাণৰ নামত চৰকাৰী ধন উলিওৱাৰ অভিযোগ উত্থাপিত হৈছে।

ইয়াৰে ৰেজিয়া খাতুন দুটা কিস্তিৰ ধন উলিওৱাৰ লগতে বাকী হিতাধিকাৰী দুজনে ৩ টাকৈ কিস্তিৰ ধন উলিয়াইছে। কিন্তু তাৎপৰ্যপূৰ্ণভাৱে হিতাধিকাৰী ৩জনে গৃহ নিৰ্মাণ কৰা নাই বুলি গাঁও পঞ্চায়তখনৰ সহিদূৰ আহমেদে অভিযোগ তুলিছে। ইতিমধ্যে জিলা উপায়ুক্ত আৰু জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ ওচৰত লিখিত অভিযোগ দাখিল কৰাৰ পাচত বিষয়টোলৈ তদন্ত চলাই থকা হৈছে।

জিলা পৰিষদৰ তদন্তত দুগৰাকী হিতাধিকাৰী অন্য পঞ্চায়তত গৃহ নিৰ্মাণ কৰা দেখুওৱাৰ লগতে ৰেজিয়া খাতুন অন্য লোক এজনৰ ঘৰ ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে। বিভাগীয় নিয়ম অনুসৰি কোনো হিতাধিকাৰীৰ ঘৰ অন্য পঞ্চায়তত উঠাবলৈ হলে অনুমতিৰ প্ৰয়োজন আছে।

কিন্তু পঞ্চায়ত সভাপতি তাৰা মিয়া আৰু তদানীন্তন পঞ্চায়ত সচিব জামিৰুল ইছলাম আৰু গাঁও পঞ্চায়তৰ সদস্য মিলি কিদৰে অন্য পঞ্চায়তত গৃহ নিৰ্মাণৰ নিৰ্দেশ দিলে তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে। ইফালে অভিযোগকাৰী জনে অভিযোগ কৰা মতে হিতাধিকাৰী সকলে আজিলৈ ঘৰ নিৰ্মান কৰা নাই। অন্য লোকৰ ঘৰ দেখুৱাই বিভাগীয় কৰ্মচাৰীক মেনেজ কৰি ধন আত্মহাত কৰিছে বুলি অভিযোগ তুলিছে ।

Also Read: মৰিগাঁও জিলা আবৃত্তি পৰিষদৰ সদৰ শাখা গঠন

Pradhan Mantri Gramin Awaas Yojana mankachar