সাংবাদিকক প্ৰাণে মৰা ভাবুকি দিয়া সুৰা মাফিয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল

সাংবাদিকক প্ৰাণে মৰা ভাবুকি দিয়া সুৰা মাফিয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল

ডিজিটেল সংবাদ ,দেৰগাঁও : সংবাদ মাধ্যমত কৰ্মৰত দেৰগাঁৱৰ এজন সাংবাদকৰ্মীক সত্য বাতৰি পৰিবেশন কৰাৰ বাবে সুৰাৰ ব্যৱসায়ৰ সৈতে জড়িত এজন ব্যক্তিয়ে হত্যাৰ ভাবুকি প্ৰদান কৰাক লৈ দেৰগাঁৱত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

উল্লেখ্য যে, দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ বাঁহগুৰি উদয়ণ জনজাতি হাইস্কুলৰ সমীপত এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ পুত্ৰ গিৰিধৰ পাচুঙে দীৰ্ঘদিন ধৰি চলায় আহিছিল অবৈধ মদৰ ব্যৱসায়। এই সম্পৰ্কে ৰাজহুৱা অভিযোগ ভিত্তিত নিৰঞ্জন দাস নামৰ সংবাদকৰ্মীজনে সংবাদ পৰিবেশন কৰাত ক্ষুন্ন হৈ সুৰা ব্যৱসায়ীজনে সাংবাদকৰ্মীজনক ফোনযোগে অভাব্য ও অশ্লীল গালিগালাজ কৰাৰ লগতে প্ৰাণে মৰা ভাবুকি দিয়ে ।

এই ঘটনাই দেৰগাঁৱত সংবাদ মাধ্যমৰ লগতে সচেতন ৰাইজ আৰু দল-সংগঠনৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখ্য যে,ঘটনাৰ পিছতেই সাংবাদিকসকলে একত্ৰিত হৈ সাংবাদিকক প্ৰাণে মৰা ভাবুকি দিয়া কাৰ্যক তীব্ৰ ভাষাৰে গৰিহনা দিয়াৰ লগতে তেওঁৰ ওপৰত শীঘ্ৰেই বিহিত ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰে।

ইতিমধ্যে সাংবাদিক নিৰঞ্জন দাসে নিজাববীয়াকৈ বুধবাৰে দেৰগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানেও আৰক্ষীয়ে সুৰা ব্যৱসায়িজনক আটক নকৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । । এই ঘটনাক দেৰগাঁৱৰ প্ৰতিজন সংবাদকৰ্মী আৰু দল সংগঠনে তীব্ৰ ভাষাৰে গৰিহনা দি বেপাৰী পাচুঙ ওপৰত শীঘ্ৰেই উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

সাংবাদিকক প্ৰাণে মৰা ভাবুকি দিয়া সুৰা মাফিয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল
গুৱাহাটী বিশ্ববিদ্যালয়ত 'গণ-সংযোগকাৰী ৰূপে ভূপেন হাজৰিকা' ৰ্শীষক অনুষ্ঠান

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in