/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/0be7979a-7116-4c75-9652-41980514ad15/dcj.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ ৯৭ সংখ্যক জন্ম জয়ন্তী উপলক্ষে 'গণ-সংযোগকাৰী ৰূপে ভূপেন হাজৰিকা' ৰ্শীষক এখনি মত-বিনিময় অনুষ্ঠান আয়োজন কৰা হয়। অনুষ্ঠানৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকে 'দ্যা আছাম ট্ৰিবিউন' বাতৰি কাকতৰ কাৰ্যবাহী সম্পাদক প্ৰশান্ত জ্যোতি বৰুৱা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/99bb0eb2-2511-413e-a6d7-240703418c2e/d02931c5_f266_46a0_a014_dd3e75716969.jpg)
'গণ-সংযোগকাৰী ৰূপে ভূপেন হাজৰিকা' ৰ্শীষক অনুষ্ঠানত উপস্থিত হৈ সম্পাদক প্ৰশান্ত জ্যোতি বৰুৱাই ভূপেন হাজৰিকাৰ জীৱন-যোৰা সংগ্ৰাম আৰু অসমক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ যি প্ৰয়াস সেইক্ষেত্ৰত তেখেতৰ গীতসমূহ বাঙালী, হিন্দী ভাষালৈ অনুবাদ কৰি ভাৰতৰ প্ৰতিটো প্ৰান্তলৈ প্ৰচাৰৰ আঁৰৰ কথাসমূহৰ বিষয়ে উল্লেখ কৰে । লগতে অসমৰ ভাষা আন্দোলনৰ সময়ছোৱাত বিভিন্ন প্ৰান্তত ৰাইজৰ মাজলৈ গৈ তেখেতৰ গীতসমূহৰ মাজেৰে অসমৰ জনগণক জাগ্ৰত কৰি তোলাৰ কথাও উল্লেখ কৰে 'দ্যা আছাম ট্ৰিবিউন'ৰ কাৰ্যবাহী সম্পাদক গৰাকীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/96dc9fee-7c11-4a83-a0a5-69442704713f/31621135_1ba4_4438_9242_095d5d9245f0.jpg)
ড° ভূপেন হাজৰিকাক এগৰাকী উল্লেখযোগ্য জণ-সংযোগকাৰী বুলি উল্লেখ কৰি প্ৰশান্ত জ্যোতি বৰুৱাই কয় যে, ভূপেন হাজৰিকাৰ গীত সমূহৰ দ্বাৰা তেওঁ জনসাধাৰণৰ বাবে এটি যুগসন্ধিৰ বাট মুকলি কৰি থৈ গৈছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/a2a1172d-b2a8-45fb-a378-a716da87ebee/1abac1d2_ae16_4e56_8f4b_a9edda50a183.jpg)
অনুষ্ঠানৰ আৰম্ভণিতে ড° ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি জনাই বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰি অনুষ্ঠানৰ শুভাৰম্ভণি কৰে বিভাগৰ মূৰব্বী অধ্যাপক ড° চন্দন কুমাৰ গোস্বামী আৰু পি.জে. বৰুৱাই। বিভাগৰ তৰফৰ পৰা বিভাগৰ মূৰব্বী অধ্যাপক ড° চন্দন কুমাৰ গোস্বামীয়ে পি.জে. বৰুৱাক সম্বৰ্ধনা জ্ঞাপন কৰে।
অনুষ্ঠানৰ অংশ হিচাপে বিভাগৰ অতিথি অধ্যাপিকা ড°মৌচুমী ভট্টাচাৰ্য্যৰ তত্ত্বাৱধানত আৰু বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলৰ সহযোগত বিশ্ববৰেণ্য শিল্পী ভূপেন হাজৰিকাৰ সৃষ্টিৰাজীৰ ওপৰত এখনি পুতলা নাচৰ অ'ডিও ভিজুৱেল প্ৰৰ্দশন কৰা হয়। অনুষ্ঠানত ইন্টিগ্ৰেটেড্ পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীৰ লগতে স্নাতকোত্তৰ পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰী তথা বিভাগৰ সহকাৰী অধ্যাপিকা ড° ভাৰতী ভৰালী, পোষ্ট ডক্টৰেল গৱেষিকা অনুপা লহকৰ, সহকাৰী অধ্যাপকদ্বয় বিষ্ণু শইকীয়া আৰু নিশান্ত শৰ্মা উপস্থিত থাকে।
শেষত অনুষ্ঠানটিত উপস্থিত সকলোৱে একত্ৰিত হৈ প্ৰয়াত শিল্পী গৰাকীৰ হৃদয়স্পৰ্শী “মানুহে মানুহৰ বাবে” গীতটি পৰিৱেশন কৰি অনুষ্ঠানৰ সামৰণি মাৰে।