/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-10/gr8eyv1a/27.jpg)
ডিজিটেল সংবাদ, গোলাঘাট : অনলাইন ট্ৰেডিঙৰ বহু বিতৰ্কিত চুমি আৰু তাৰ্কিকক মেঘালয়লৈ পলায়ন কৰিবৰ বাবে গাড়ী যোগান ধৰাৰ অভিযোগত নিলম্বিত হোৱা গোলাঘাটৰ অ চি জিতুমণি বৰাৰ বিৰুদ্ধে সোমবাৰে নিশা গোলাঘাট সদৰ আৰক্ষী থানাত এটি সংস্থাই এজাহাৰ দাখিল কৰে। দুৰ্নীতি নিবাৰক প্ৰকৃতি সুৰক্ষা সমিতি নামৰ সংগঠনটোৱে জিতুমণিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি তেঁওক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়।
সংগঠনটোৰ সভাপতি নিতুল গগৈ স্বাক্ষৰিত এজাহাৰখনত উল্লেখ কৰে যে নিলম্বিত অচি জিতুমণি বৰাই চুমি বৰাৰ জৰিয়তে বিশাল ফুকনৰ কোম্পানীত ৬০লাখ টকা বিনিয়োগ কৰাৰ কথা ইতিমধ্যে পোহৰলৈ আহিছে। আৰক্ষী বিষয়াগৰাকীৰ আয়ৰ লগত সামঞ্জস্য নথকা ইমান বৃহৎ পৰিমাণৰ টকাৰ উৎস কি বুলি প্ৰশ্ন উত্থাপন কৰি সভাপতি গৰাকীয়ে আৰক্ষী বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰি তদন্ত কৰিবলৈ দাবী জনায়।
তেওঁ সংবাদ মাধ্যমৰ আগত আৰু কয় যে ইয়াৰ পূৰ্বে উক্ত আৰক্ষী বিষয়াগৰাকী কাৰ্বি আংলং জিলাত কৰ্মৰত হৈ থাকোতেও তেওঁৰ বিৰুদ্ধে অবৈধ সম্পত্তি আহৰণৰ অভিযোগ উঠিছিল। সেয়েহে তেঁওৰ সকলো স্থাৱৰ-অস্থাৱৰ সম্পতিৰ বিষয়টো তদন্ত কৰিবলৈ লগতে দাবী জনায়।
Also Read: শিৱসাগৰত উল্কাপিণ্ডক লৈ আলোড়ন : টুকুৰা টুকুৰ কৰি লৈ গ’ল তিনি বিশ্ববিদ্যালয়ে