/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/4c462884-c53d-49ea-b557-588159f43958/41.jpg)
ডিজিটেল সংবাদ,গোলাঘাট : 'প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন এন ডি এ চৰকাৰৰ আমোলত ভাৰতে বিভিন্ন ক্ষেত্ৰত উল্লেগযোগ্য প্ৰগতি কৰিছে। আজিৰ ভাৰত বিশ্বৰ এক সন্মানীয় শক্তিত পৰিণত হৈছে। আগন্তুক শতিকাতো ভাৰতে নিয়ন্ত্ৰন কৰিব।এই সকলো সম্ভৱ হৈছে, জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বৰ বাবে'- এই মন্তব্য বিত্ত তথা মহিলা আৰু সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগৰ।
বৃহস্পতিবাৰে গোলাঘাট বিধানসভা সমষ্টিত কাজিৰঙা লোকসভা সমষ্টিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাক লগত লৈ চলোৱা প্ৰচাৰ অভিযানত উপস্থিত থাকে মন্ত্ৰী অজন্তা নেওগ। এই সভাত নেত্ৰীগৰাকীয়ে লগতে দোহাৰে যে, ভাৰতক প্ৰকৃতাৰ্থত ভালপোৱা সকলো মানুহে এইবাৰো মোডীকেই প্ৰধানমন্ত্ৰীৰ আসনত বহুৱাব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/6bf80824-10e4-4527-8797-a8bb9734925d/435048201_961390742655254_147285139608947947_n.jpg)
উল্লেখযোগ্য যে, জ্যেষ্ঠ নেতৃগৰাকীয়ে আজি কাজিৰঙা লোকসভা সমষ্টিৰ প্ৰাৰ্থী তাছাৰ সৈতে ৫খন নিৰ্বাচনী সভাত অংশগ্ৰহন কৰে। বিগত কিছুদিনত মন্ত্ৰীগৰাকীয়ে যোৰহাট আৰু কাজিৰঙা সমষ্টিত সন্মুখৰ পৰা দলৰ প্ৰচাৰ অভিযানক নেতৃত্ব দিছে। মন্ত্ৰীগৰাকীয়ে প্ৰায় একক প্ৰচেষ্টাত সমষ্টি দুটাত বিজেপি-মিত্ৰজোঁটৰ সমৰ্থনত জোঁৱাৰ তুলিবলৈ সক্ষম হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/3dfde95e-aae1-434c-a394-01ed283c12fe/437574761_961390772655251_406286358981517011_n.jpg)
গোলাঘাট বিত্তমন্ত্ৰীগৰাকীৰ নিজৰ বিধানসভা সমষ্টি হোৱাৰ সূত্ৰে ইয়াত তেওঁৰ বিপুল প্ৰভাৱ আৰু জনপ্ৰিয়তা আছে। নেত্ৰীগৰাকীৰ ব্যক্তিগত গণসংযোগৰ বাবে প্ৰচাৰৰ ক্ষেত্ৰত গোলাঘাট সমষ্টিত বিজেপি-মিত্ৰজোঁট বিৰোধীতকৈ বহু দূৰ আগবাঢ়ি আছে বুলি দলীয় কৰ্মকৰ্তাসকলে উল্লেখ কৰে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰৰ দিনত অসম তথা উত্তৰ-পূৰ্বাঞ্চলে যথেষ্ট উন্নয়নৰ মুখ দেখিছে বুলি মন্ত্ৰীগৰাকীয়ে দাবী কৰে। উন্নয়নৰ এই গতি অব্যাহত ৰাখিবলৈকে কেন্দ্ৰত তৃতীয়বাৰ মোডী চৰকাৰ নিশ্চিত কৰিবলৈ ভাজপা-মিত্ৰজোঁটৰ প্ৰাৰ্থীক জয়যুক্ত কৰিবলৈ তেওঁ ৰাইজক আহ্বান জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/dc3a2e4e-fcb5-43b0-8361-b7c4835ac75c/434863388_961390589321936_5565162923362660359_n.jpg)
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ভাজপা-মিত্ৰজোঁট চৰকাৰে ৰূপায়ন কৰা 'অৰুণোদয়' আদি জনকল্যাণকামী আঁচনিয়ে বৃহৎ সংখ্যক লোকক উপকৃত কৰা বুলি দোহাৰি মন্ত্ৰীগৰাকীয়ে চৰকাৰে জনতাৰ বাবে অবিৰত কাম কৰি যাব বুলি প্ৰতিশ্ৰুতি দিয়ে।
Also Read: বিশ্বনাথত বিপিএফ দলক সমালোচনা প্ৰমোদ বড়োৰ