খুমটাইৰ বুঢ়ালিকচনত কৃষক মেলা

খুমটাইৰ বুঢ়ালিকচনত কৃষক মেলা

ডিজিটেল সংবাদ, গোলাঘাট: গ্ৰামাঞ্চলৰ কৃষকসকলক উৎসাহিত কৰিবলৈ গোলাঘাট জিলাৰ খুমটাইৰ বুঢ়ালিকচনত আয়োজন কৰা হৈছে কৃষক মেলা ৷ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ বুঢ়ালিকচন কুঁহিয়াৰ, ঔষধি আৰু সুগন্ধি উদ্ভিদ গৱেষণা কেন্দ্ৰত অনুষ্ঠিত কৃষক মেলা উদ্বোধন কৰে বিধায়ক মৃণাল শইকীয়াই ৷

কৃষকমেলাত প্ৰদৰ্শিত হ’ল বিভিন্ন কৃষিৰ ন ন উদ্ভাৱিত কৌশল ৷ কৃষি বিভাগৰ লগতে অসমৰ কৃষি বিজ্ঞান কেন্দ্ৰ সমূহৰ মুঠ ২৭খন বিপনীয়ে কৃষিমেলাখনত অংশগ্ৰহণ কৰিছে ৷ বিধায়ক মৃণাল শইকীয়াইও কৃষক মেলাত ক্ৰয় কৰিলে বিভিন্ন সামগ্ৰী ৷ কৃষকমেলাৰ জৰিয়তে খুমটাইৰ গ্ৰামাঞ্চলৰ কৃষকসকলে বৈজ্ঞানিক পদ্ধতিৰে কৃষি কৰিবলৈ আকৃষ্ট হ’ব বুলিও আশা প্ৰকাশ কৰিছে বিধায়ক মৃণাল শইকীয়াই ৷

প্ৰায় ২হাজাৰ কৃষকৰ লগতে বহুসংখ্যক বিজ্ঞানীয়ে অংশগ্ৰহণ কৰা কৃষকমেলা খনত প্ৰদৰ্শিত হ’ল বহুসংখ্যক নতুন উদ্ভাৱন ৷ কৃষি বিশ্ববিদ্যালয়ত উদ্ভাৱিত বিভিন্ন কৃষি কৌশলৰ লগতে কুঁহিয়াৰৰ উন্নত জাত আৰু উৎপাদনৰ নতুন পদ্ধতিৰ বিষয়েও আলোকপাত কৰা হয়। কৃষক সম্বৰ্ধনা,কৃষক-বিজ্ঞানীৰ মত বিনিময় আৰু নিশালৈ স্থানীয় শিশু সকলৰ দ্বাৰা " দক্ষ যজ্ঞ" নামৰ এখন ভাওনাও প্ৰদৰ্শনো কৰা হয়।

খুমটাইৰ বুঢ়ালিকচনত কৃষক মেলা
'ইণ্ডিয়া'ৰ বৈঠকত অংশ গ্ৰহণ নকৰে মমতা, নীতিশ, অখিলেখ যাদৱে! অকলশৰীয়া হোৱাৰ দিশে কংগ্ৰেছ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in