কাকডোঙা প্ৰাথমিক শিক্ষক কেন্দ্ৰৰ কৰ্ম পৰিষদৰ উদ্যোগত বিদায় সম্বৰ্ধনা সভা

কাকডোঙা প্ৰাথমিক শিক্ষক কেন্দ্ৰৰ কৰ্ম পৰিষদৰ উদ্যোগত বিদায় সম্বৰ্ধনা সভা

ডিজিটেল সংবাদ,গোলাঘাটঃ গোলাঘাট জিলাৰ কেন্দ্ৰীয় শিক্ষা-খণ্ডৰ অন্তৰ্গত কাকডোঙা প্ৰাথমিক শিক্ষক কেন্দ্ৰৰ কৰ্ম পৰিষদৰ উদ্যোগত বিদায় সম্বৰ্ধনা সভা।বুধবাৰে হোঁকোৰাখাট প্ৰাথমিক বিদ্যালয়ত এখন বিদায় সম্বৰ্ধনা সভা অনুষ্ঠিত হয়।

কাকডোঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা জ্যোতি হাজৰিকা, কেন্দ্ৰীয় শিক্ষা খণ্ডৰ প্ৰাথমিক শিক্ষা বিষয়া নীলাক্ষি ৰাজকুমাৰী,অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ শিক্ষক ভাৰত শইকীয়া,ইন্দ্ৰ বৰুৱা,চি আৰ চি চি চন্দন কলিতা,জাগৃতি বৰঠাকুৰ,শিক্ষক ৰাজীৱ শৰ্মা আদি উক্ত সভাত উপস্থিত থাকে। সভাখনৰ আঁত ধৰে শিক্ষক হেমন্ত গগৈ আৰু বৰ্ণালী শইকীয়াই।

অৱসৰপ্ৰাপ্ত শিক্ষক ৰুমী গগৈ ফুকন,পুতুল চন্দ্ৰ বৰা,চিত্ৰধৰ গগৈ,দীপক কুমাৰ বৰা, সুৰেন দাস, ৰিয়াজুল হুচেইন,মাধৱ ভূঞা,তৰুণ গগৈক একোখন ফুলাম গামোচা,জাপি আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। কেন্দ্ৰীয় শিক্ষা-খণ্ডৰ পৰা বদলি হোৱা খণ্ড গাণনিকসকল ক্ৰমে প্ৰণৱ শৰ্মা, দেবজ্যোতি বৰুৱা,অৰূপ চান্দ,ৰঞ্জিত শইকীয়া, চিন্ময় ধীৰেন দত্তক কাকডোঙা শিক্ষক কেন্দ্ৰৰ ফালৰ পৰা গামোচা, ফুলৰ থোপা আৰু গ্ৰন্থৰে সম্বৰ্ধনা জনোৱা হয়।

উল্লেখ্য যে, এই অনুষ্ঠানত কাকডোঙা প্ৰাথমিক শিক্ষক কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বৰগীত, আধুনিক নৃত্য আদি পৰিৱেশন কৰি অনুষ্ঠানটিক এক অনন্য মাত্ৰা প্ৰদান কৰে।

কাকডোঙা প্ৰাথমিক শিক্ষক কেন্দ্ৰৰ কৰ্ম পৰিষদৰ উদ্যোগত বিদায় সম্বৰ্ধনা সভা
বে-চৰকাৰী সংস্থা ৰাহেই আৰু নৱ নিৰ্মাণ ফাউণ্ডেচনৰ উদ্যোগত আলোচনা চক্ৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in