বে-চৰকাৰী সংস্থা ৰাহেই আৰু নৱ নিৰ্মাণ ফাউণ্ডেচনৰ উদ্যোগত আলোচনা চক্ৰ

বে-চৰকাৰী সংস্থা ৰাহেই আৰু নৱ নিৰ্মাণ ফাউণ্ডেচনৰ উদ্যোগত আলোচনা চক্ৰ

ডিজিটেল ডেস্ক: মহিলা সবলীকৰণ আৰু কৃষি ক্ষেত্ৰৰ বে-চৰকাৰী সংস্থা ৰাহেই আৰু নৱ নিৰ্মাণ ফাউণ্ডেচনৰ উদ্যোগত আলোচনা চক্ৰ। বুধবাৰে সংস্থা দুটিয়ে বঙাইগাঁৱত এক আলোচনা চক্ৰৰ আয়োজন কৰে।

কৃষি ক্ষেত্ৰত দক্ষতা আৰু বিকাশৰ উদ্দেশ্যে অনুষ্ঠিত কৰা উক্ত আলোচনা চক্ৰত অঞ্চলটিৰ ভালেসংখ্যক মহিলাৰ আৰু আগ্ৰহী লোকে অংশগ্ৰহণ কৰে। অনুষ্ঠানত কৃষি কাৰ্যৰ জৰিয়তে মহিলাসকল কিদৰে লাভান্বিত হৈ আৰ্থিক দিশ টনকিয়াল কৰিব পাৰি সেই সন্দৰ্ভত এক আলোচনা কৰা হয়।

এই আলোচনা চক্ৰত উপস্থিত থাকে সংস্থাৰ ভালেকেইজন বিষয়-ববীয়া। সংস্থাৰ প্ৰতিষ্ঠাপক সভাপতি শান্তনু ভূষণ চৌধুৰী,দীপৰাজ চক্ৰৱৰ্তী,ৰূপম চৌধুৰী,ৰিমজিম ৰায়,হৃষীকেশ বৰ্মন,দীক্ষিত দ্ৰুপদ মজুমদাৰ, দয়াল বৰ্মন আদিয়ে উপস্থিত ৰাইজৰ সন্মুখত বক্তব্য আগবঢ়ায়।

উল্লেখ্য যে, এইসকল ব্যক্তিয়ে মহিলা সবলীকৰণ আৰু কৃষি ক্ষেত্ৰৰ উৎকৰ্ষ সাধনৰ বাবে নিৰন্তৰভাৱে কাম কৰি আছে বুলি জানিবলৈ দিয়ে। দীপৰাজ চক্ৰৱৰ্তীয়ে তেওঁৰ ভাষণত গ্ৰাম্য সম্প্ৰদায়ৰ বিকাশ আৰু এই বিকাশত মহিলাসকলে পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ সন্দৰ্ভত বিভিন্ন পৰামৰ্শ দাঙি ধৰে।

তেওঁ কয় "মহিলাসকল সদায় সমাজৰ মেৰুদণ্ড হৈ আহিছে, আৰু সমাজৰ সামগ্ৰিক প্ৰগতিৰ বাবে তেওঁলোকক শক্তিশালী কৰাটো অপৰিহাৰ্য। এই আলোচনা চক্ৰৰ জৰিয়তে আমি এক পৰিৱেশ গঢ়ি তোলাৰ লক্ষ্য ৰাখিছো।"

আনহাতে,শান্তনু ভূষণ চৌধুৰীয়ে বহনক্ষম কৃষি পদ্ধতিৰ গুৰুত্ব আৰু পৰিৱেশৰ প্ৰভাৱৰ ওপৰত আলোকপাত কৰে। তেওঁ আধুনিক কৃষি কৌশল আৰু পৰম্পৰাগত পদ্ধতিৰ মাজত ভাৰসাম্য বজাই ৰখাৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভত মন্তব্য কৰে।

বে-চৰকাৰী সংস্থা ৰাহেই আৰু নৱ নিৰ্মাণ ফাউণ্ডেচনৰ উদ্যোগত আলোচনা চক্ৰ
উৎকোচ লৈ নিলম্বিত হ'ল সমাজ কল্যাণ বিভাগৰ বিষয়া

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in