কাজিৰঙাত ৬০বছৰীয়া লক্ষীমালাৰ কৰুণ মৃত্যু...

কাজিৰঙাত ৬০বছৰীয়া লক্ষীমালাৰ কৰুণ মৃত্যু...

ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙাত মৃত্যু হৈছে চাফাৰীত নিয়োজিত হাতী লক্ষীমালাৰ।১৫ দিন পূৰ্বলৈ পৰ্যটকক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰোৱাইছিল লক্ষীমালাই। কিন্তু হঠাৎ অসুস্থ হৈ পৰে লক্ষীমালা। লক্ষীমালাক চিকিৎসা প্ৰদান কৰা হয় যদিও অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে লক্ষীমালাই।

প্ৰায় ৬০ বছৰীয়া লক্ষীমালা আছিল শান্ত-সমাহিত স্বভাৱৰ। নগাঁৱৰ তপন গোস্বামী নামৰ লোকজনৰ হাতী আছিল লক্ষীমালা। উল্লেখ্যে যে যোৱা ৭ বছৰৰ পৰা ক্ৰমাগতভাৱে বাগৰি বনাঞ্চলত হাতী চাফাৰীত নিয়োজিত আছিল লক্ষীমালা।

স্মৰ্তব্য যে বাগৰি বনাঞ্চলত শেহতীয়াকৈ হাতী চাফাৰীত প্ৰতিটো হাতীয়ে পুৱা প্ৰতিদিনে তিনিবাৰকৈ পৰ্যটকক চাফাৰী কৰায়‌। তিনিটা চাফাৰীত হাতী যথেষ্ট ভাগৰুৱা হৈ পৰে। কেৱল ইমানেই নহয় হাতীৰ ফিটনেচ প্ৰমাণৰ সম্পৰ্কতো এই হাতীজনীৰ মৃত্যুৰ পিছত প্ৰশ্নৰ অৱতাৰণা হৈছে‌‌। মুঠতে কাজিৰঙাৰ ব্যক্তিগত হাতী চাফাৰীত কিছু বিশৃংখলাত পৰিলক্ষিত হৈছে যদিও উদ্যান কৰ্তৃপক্ষই তেনে বিষয়সমূত গুৰুত্ব প্ৰদান কৰা নাই।

কাজিৰঙাত ৬০বছৰীয়া লক্ষীমালাৰ কৰুণ মৃত্যু...
মালয়েছিয়াত দুৰ্ঘটনাগ্ৰস্ত নৌসেনাৰ হেলিকপ্টাৰঃ নিহত ১০জন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in