২৭ ফেব্ৰুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হ’ব হাতী গণনা পৰ্ব

ইয়াৰ পূৰ্বে ২০১৭ চনত হোৱা গণনাত কাজিৰঙাত হাতীৰ সংখ্যা পোৱা গৈছিল ১,০৬৪ টা
২৭ ফেব্ৰুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হ’ব হাতী গণনা পৰ্ব

ডিজিটেল সংবাদ,কাজিৰঙা : অহা ২৭ ফেব্ৰুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত হ’ব হাতী গণনা পৰ্ব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত হ’বলগা হাতী গণনা কাৰ্যসূচীৰ সামান্তৰালভাৱে বুধবাৰৰ পৰা ক্ষেত্ৰভিত্তিক প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল কৰ্তৃপক্ষই ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালিকা সোনালি ঘোষে প্ৰকাশ কৰা মতে, পূূব অসম বন্যপ্ৰাণী সংমণ্ডল, নগাঁও বন্যপ্ৰাণী সংমণ্ডল আৰু বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলক সামৰি আজিৰে পৰা ২৬ ফেব্ৰুৱাৰীলৈকে ৭দিনধৰি চলিব প্ৰস্তুতি পৰ্ব । ইয়াৰ ভিতৰত বৰ্তমান হাতী থকা এলেকাসমূহ চিনাক্ত কৰা হ’ব ৷

ইয়াৰ পাছত মূল গণনা কৰা হ’ব ২৭ ফেব্ৰুৱাৰীত ৷ তদুপৰি ২৮ ফেব্ৰুৱাৰী হ’ব সাধাৰণ নিৰীক্ষণ ৷ হাতী গণনাৰ বাবে বনকৰ্মীসকলক ইতিমধ্যে প্ৰশিক্ষণ প্ৰদান কৰিছে কেইবাগৰাকীও হস্তী বিশেষজ্ঞই ।

সেই অনুযায়ী গণনাকাৰীসকলে মতা,মাইকী, পোৱালি , গণেশ আদিৰ তথ্য নিৰ্দিষ্ট তালিকাত লিপিবদ্ধ কৰিব ৷ গণনাৰ সুবিধাৰ বাবে প্ৰতিটো সংমণ্ডলক কেইবাটাও খণ্ডত বিভক্ত কৰি প্ৰতিটোতে দায়িত্ব অৰ্পণ কৰা হৈছে একোটা গণনাকাৰী দলক ৷ উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ২০১৭ত হোৱা গণনাত কাজিৰঙাত হাতীৰ সংখ্যা পোৱা গৈছিল ১,০৬৪ টা ৷

২৭ ফেব্ৰুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হ’ব হাতী গণনা পৰ্ব
ঠগ-প্ৰৱঞ্চনা ! অভিনন্দন থিয়েটাৰৰ প্ৰযোজক জ্যোতিপদ তালুকদাৰক গ্ৰেপ্তাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in