ঠগ-প্ৰৱঞ্চনা ! অভিনন্দন থিয়েটাৰৰ প্ৰযোজক জ্যোতিপদ তালুকদাৰক গ্ৰেপ্তাৰ

ভালেকেইখন আহ্বায়ক সমিতিৰ আমন্ত্ৰণ ৰক্ষা কৰিব পৰা নাছিল অভিনন্দন থিয়েটাৰে। আহ্বায়ক সমিতিৰ পৰা লাখ লাখ টকা আগধন হিচাপে লৈ নাছিল কোনো খবৰ।
ঠগ-প্ৰৱঞ্চনা ! অভিনন্দন থিয়েটাৰৰ প্ৰযোজক জ্যোতিপদ তালুকদাৰক গ্ৰেপ্তাৰ

ডিজিটেল ডেস্ক : ঠগ-প্ৰৱঞ্চনা, ধন আত্মসাৎ আদিৰ অভিযোগত অভিনন্দন থিয়েটাৰৰ প্ৰযোজক জ্যোতিপদ তালুকদাৰক মঙলবাৰে সন্ধিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ২০২৩-২৪ নাট্যবৰ্ষত আত্মপ্ৰকাশ কৰা থিয়েটাৰখনৰ প্ৰযোজকগৰাকীৰ বিৰুদ্ধে আছে নানান অভিযোগ।

উল্লেখ্য যে, শিল্পীক মাননী নিদিয়া আৰু প্ৰৱঞ্চনা কৰা কাৰ্যৰ অভিযোগ উত্থাপন কৰি কিছুদিন পূৰ্বে ধৃত প্ৰযোজকগৰাকীৰ বিৰুদ্ধে এগৰাকী জনপ্ৰিয় অভিনেত্ৰীয়ে অভিযোগ তুলিছিল। কেৱল এয়াই নহয়; ইয়াৰোপৰি জ্যোতিপদ তালুকদাৰৰ বিৰুদ্ধে আছে একাধিক অভিযোগ।

আনহাতে চলিত নাট্যবৰ্ষত নাট্যদলটো অসমৰ ভিন্ন প্ৰান্তত নাট প্ৰদৰ্শন কৰিবলৈ গৈ প্ৰযোজকগৰাকীৰ বাবেই বিভিন্ন বিতৰ্কৰ মাজত সোমাই পৰিছিল। নানান সমস্যাৰ বাবে ভালেকেইখন আহ্বায়ক সমিতিৰ আমন্ত্ৰণ ৰক্ষা কৰিব পৰা নাছিল অভিনন্দন থিয়েটাৰে। আহ্বায়ক সমিতিৰ পৰা লাখ লাখ টকা আগধন হিচাপে লৈ নাছিল কোনো খবৰ।

অৱশ্যে অভিনেতাসকলৰ প্ৰচেষ্টাত দুই এখন সমিতিৰ আমন্ত্ৰণ ৰক্ষা কৰি নাট প্ৰদৰ্শন কৰিছিল যদিও নাট্যদলটো বিতৰ্ক মুক্ত হ'ব নোৱাৰিলে। যাৰ বাবে পৰিত্ৰাণৰ উপায় বিচাৰি শিল্পীসকলে সামাজিক মাধ্যমৰ জৰিয়তে আহ্বায়ক সমিতিৰ ওচৰত ক্ষমাপৰ্যন্ত বিচাৰিব লগা পৰিৱেশৰ সৃষ্টি হৈছিল।

অভিযোগ অনুসৰি জ্যোতিপদ তালুকদাৰৰ সস্তীয়া মনোবৃত্তিৰ বাবেই নাট্যদলটো এশএবুৰি সমস্যাত পৰিছিল। পোহৰলৈ অহা তথ্যমতে, চি আৰ পি এফ বাহিনীৰ জোৱানক মাটি বিক্ৰীৰ নামত প্ৰবঞ্চনাৰ অভিযোগত অৱশেষত ধৃত প্ৰযোজকগৰাকীক মঙলবাৰে পাঠশালা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

ঠগ-প্ৰৱঞ্চনা ! অভিনন্দন থিয়েটাৰৰ প্ৰযোজক জ্যোতিপদ তালুকদাৰক গ্ৰেপ্তাৰ
জামুগুৰিহাটত সুদখোৰৰ অতপালি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in