ধনশিৰিত ডাম্পাৰৰ সন্ত্ৰাসঃ পথৰ কাষত বাগৰিল তীব্ৰ বেগী ডাম্পাৰ...

ধনশিৰিত ডাম্পাৰৰ সন্ত্ৰাসঃ পথৰ কাষত বাগৰিল তীব্ৰ বেগী ডাম্পাৰ...
ধনশিৰিত ডাম্পাৰৰ সন্ত্ৰাসঃ পথৰ কাষত বাগৰিল তীব্ৰ বেগী ডাম্পাৰ...

ডিজিটেল সংবাদ উৰিয়ামঘাটঃ ধনশিৰি মহকুমাত দীৰ্ঘ দিন ধৰি একাংশ ডাম্পাৰৰ সন্ত্ৰাস অব্যাহত থকাৰ মাজতে আজি পুৱাৰ ভাগত বৰপথাৰ ইকৰাণি পথৰ প্ৰেমহৰাত এখন তীব্ৰবেগী ডাম্পাৰে নিয়ন্ত্ৰন হেৰুৱাই পথৰ কাষত বাগৰি পৰে। দুৰ্ঘটনাত পতিত হোৱা AS 03 CC 1512 নম্বৰৰ ডাম্পাৰখনৰ চালক আৰু হেণ্ডিমেনগৰাকীৰ কথমপি প্ৰাণ ৰক্ষা পৰে।

মহকুমাটোৰ বিভিন্ন স্থানত একাংশ ডাম্পাৰে বহুকেইটা আঘটন ঘটাইছে যদিও সিবিলাকৰ দৌৰাত্ম্য কিয় নিয়ন্ত্ৰন কৰিব নোৱাৰে সেয়া এক বৃহৎ ৰসহ্য হৈ পৰিছে সৰ্বসাধাৰনৰ বাবে।

বৃদ্ধি পাইছে নম্বৰপ্লেট বিহীন ডাম্পাৰৰ চলাচলঃ

ধনশিৰি মহকুমাৰ অসম-নাগালেণ্ড সীমান্তৰ পৰা শিল কঢ়িওৱা কামকে ধৰি আন আন বিভিন্ন ক্ষেত্ৰত নিয়োজিত শ শ ডামাৰ দৈনিক মহকুমাটোৰ বিভিন্ন পথেদি চলাচল কৰে। শেহতীয়াকৈ নম্বৰ প্লেট নোহোৱাকৈ একাংশ ডাম্পাৰ চলাচল কৰি থকা ৰাইজে প্ৰত্যক্ষ কৰিছে।

তদুপৰি কিছুমান ডাম্পাৰৰ আগফালৰ নম্বৰ প্লেট থাকে যদিও পিছফালৰখন নাথাকে বা কিছুমানপৰ থাকে যদিও চকুত সহজতে নপৰা অংশত লগোৱা থাকে।এনে নীতিবিৰুদ্ধ কাৰ্যৰে একাংশ ডাম্পাৰ কিদৰে দৈনিক চলাচল কৰি আছে তাৰো উত্তৰ সৰ্বসাধাৰনৰ হাতত নাই। আনহাতে অনভিজ্ঞ কম বয়সৰ চালক নিয়োগ কৰা, বৈধ নথি পত্ৰ নথকা আদি অভিযোগ একাংশ ডাম্পাৰৰ বিৰুদ্ধে দীৰ্ঘ দিন ধৰি উত্থাপিত হৈ আহিছে।

ধনশিৰিৰ সীমাঞ্চলত থকা শিলৰ ওপৰত ভিত্তি কৰি বিভিন্ন স্থানত গঢ় লৈ উঠা শিল ভঙা কলবিলাকৰ সম্মুখৰ ৰাজ পথত নীতি নিয়ম নামানি পথৰ দুয়োকাষে ডাম্পাৰ ৰখাই থৈ সাধাৰন যাতায়তৰ বাধা সৃষ্টি কৰাৰ অভিযোগ তাৎপৰ্যপূৰ্ণ। উল্লেখ্য যে বৰপথাৰ -উৰিয়ামঘাট সংযোগী ৰেংমা পথটো অতিকৈ ব্যস্ত পথ।

উক্ত পথছোৱাইদি দৈনিক শ শ যান বাহন চলাচল কৰাৰ লগতে পৰীক্ষাৰ্থী, ছাত্ৰ-ছাত্ৰী, ব্যবসায়ী, কৰ্মচাৰী আদি নিতৌ অহা যোৱা কৰে। পথটোৰ কাষতে বৰপাভজান গাঁৱত থকা একাংশ শিল ভঙা পথৰ কাষত পুৱাৰ পৰাই পথটোৰ দুয়োকাষে নীতি নিয়ম ভৰিৰে মোহাৰি বহু সংখ্যক ডাম্পাৰ শাৰী শাৰীকৈ ৰখাই থোৱা হয়।

পথৰ দুয়ো কাষে এনেদৰে একাংশ ডাম্পাৰ ৰখাই থোৱাৰ ফলত আন যান বাহন চলাচল কৰাত অসুবিধাৰ সৃষ্টি হৈ আহিছে। ইপিনে উক্ত স্থানসমূহত পথৰ চাইড বাম আদিও নষ্ট হোৱাৰ উপক্ৰম ঘটিছে।

Summary

এনে অৱস্থাত তেনে অঞ্চলসমূহত দুৰ্ঘটনাৰ প্ৰৱনতা ক্ৰমাত বৃদ্ধি পাব লাগিছে। আনহাতে ৰেংমা সীমান্ত হাইস্কুলৰ সমিপতে পথত ডাম্পাৰসমূহ দৈনিক ৰখাই থোৱাৰ ফলত যাতাযতৰ ক্ষেত্ৰত আসুবিধাৰ সম্মুখীন হবলগীয়া হয়। উৰিয়ামঘাটস্থ কেন্দ্ৰীয় সংৰক্ষীত বাহিনীৰ কেম্পত ডাম্পৰসমূহ পঞ্জীয়ত কৰোতে যথেষ্ঠ ডাম্পাৰৰ ভীৰ দেখিবলৈ পোৱা যায়।

বিপৰীত দিশৰ পৰা ডাম্পাৰ গলে সাধাৰন জনসাধাৰনৰ সথেষ্ঠ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়।তদুপৰী উৰিয়ামঘাটৰ ৰেংমা দলংৰ ওপৰদি এখন ডাম্পাৰ গৈ থাকিলে আনখন ডাম্পাৰ ৰৈথাৰ নিৰ্দেশ জাৰী কৰিছিল মহকুমা প্ৰশাসনে।

তেনে নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই দুই -তিনিখনৰো অধিক ডাম্পাৰ একেলগে ৰেংমা দলংখনৰ ওপৰেদি পাৰহৈ যোৱা পৰিলক্ষীত হৈছে। শিল ভঙা উদ্যোগসমূহে শিল কঢ়িওৱা বাহনসমূহৰ বাবে প্ৰয়োজন সাপেক্ষে পাৰ্কিঙৰ ব্যৱস্থাও কৰিবলৈ প্ৰশাসনে বাধ্য কৰাব লাগে বুলিও সচেতন মহলে মন্তব্য কৰাৰ লগতে ধনশিৰিত একাংশ ডাম্পাৰৰ সন্ত্ৰাসময় পৰিবেশ নিয়ন্ত্ৰ দৃঢ় ব্যৱস্থা গ্ৰহনৰো প্ৰশাসনৰ ওচৰত দাবী তুলিছে।

ধনশিৰিত ডাম্পাৰৰ সন্ত্ৰাসঃ পথৰ কাষত বাগৰিল তীব্ৰ বেগী ডাম্পাৰ...
ঘৰৰ মাটিত বিশ্বচেম্পিয়ন লাভলীনাঃ মুখ্যমন্ত্ৰী, বক্সিং সন্থাৰ সম্বৰ্ধনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in