/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/7ffe40ce-3df9-4c1c-bb45-1d6011d1e613/z22.jpg)
ডিজিটেল সংবাদ, কাজিৰঙা: কাজিৰঙাত ৬৯ সংখ্যক বন্যপ্ৰাণী সপ্তাহ উপলক্ষে বাগৰি বনাঞ্চলিক কাৰ্যালয়ত শনিবাৰে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হয় চিত্ৰাংকন প্ৰতিযোগিতা৷ ভিজুৱেল আৰ্ট একাডেমীৰ উদ্যোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ সহযোগত উদ্যানখনৰ বাগৰি বনাঞ্চলৰ বনবিভাগৰ অতিথিশালাত অনুষ্ঠিত এই চিত্ৰাংকন প্ৰতিযোগিতাত বনাঞ্চলৰ দাঁতি কাষৰীয়া ৩ খন বিদ্যালয়ৰ দুই কুৰিতকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷
ভিজুৱেল আৰ্ট একাডেমীৰ সহকাৰী সম্পাদক তথা সাংবাদিক বিতোপন মাজিয়ে আঁত ধৰা এই চিত্ৰাংকন প্ৰতিযোগিতা মুকলি কৰে বাগৰি বনাঞ্চলৰ বনাঞ্চলিক বিষয়া বিবিত দিহিঙীয়াই৷ ভিজুৱেল আৰ্ট একাডেমীৰ সম্পাদক তথা বিশিষ্ট চিত্ৰ-ভাস্কৰ্য শিল্পী পাপু ঘোষে পৰিচালনা কৰা এই চিত্ৰাংকন প্ৰতিযোগিতাথলীত একাডেমীৰ সদস্য সঞ্জীৱ ৰাজগুৰু, সহকাৰী বন বিষয়া মাধুৰ্য শইকীয়া, কুঠৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক স্বপন হাজৰিকা, দ্য কৰবেট ফাউণ্ডেশ্বনৰ ক্ষেত্ৰ সমন্বয়ক দিব্যজ্যোতি শইকীয়া, পংকজ ৰাজগুৰুকে আদি কৰি ভিজুৱেল আৰ্ট একাডেমীৰ সদস্যসকল উপস্থিত থাকে৷
দ্য কৰবেট ফাউণ্ডেশ্বনে সহযোগিতা আগবঢ়োৱা এই চিত্ৰাংকন প্ৰতিযোগিতা মুঠ তিনিটা শাখাত আয়োজন কৰা হৈছিল যদিও প্ৰতিযোগতিখনত ক আৰু গ এই দুই শাখাৰ প্ৰতিযোগীসকলেহে অংশগ্ৰহণ কৰে৷
Also Read: হায় শিক্ষা বিভাগ! আন্তঃগাঁথনিৰ অভাৱত বিদ্যালয়ৰ শৌচালয়ত ৰাখিছে মধ্যাহ্ন ভোজনৰ সামগ্ৰী...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us