যি কোনো মূহুৰ্ততে খুলি দিব পাৰে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ ৰিজাৰ্ভাৰৰ গেট...

যি কোনো মূহুৰ্ততে খুলি দিব পাৰে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ ৰিজাৰ্ভাৰৰ গেট...

ডিজিটেল সংবাদ,গোলাঘাট: গোলাঘাট জিলাৰ কাষৰীয়া নাগালেণ্ডৰ দৈয়াং অঞ্চলত থকা নিপকোৰ অধীনস্থ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ ৰিজাৰ্ভাৰৰ পানী ক্ৰমাত বৃদ্ধি পাই আহিছে। যাৰফলত অসমৰ গোলাঘাট জিলাৰ ধনশিৰি আৰু গোলাঘাট মহকুমাৰ দৈয়াং আৰু ধনশিৰি নৈ পৰীয়া গাঁও সমূহলৈ এক অশনি সংকেত নামি আহিছে।

প্ৰসঙ্গ ক্ৰমে উল্লেখ কৰিব পাৰি যে ২০১৮ চনৰ জুলাই মাহত উক্ত প্ৰকল্পৰ পানী নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাত প্ৰকল্প কৰ্তৃপক্ষই পানী এৰি দিছিল আৰু ইয়াৰ পৰিণতিতেই গোলাঘাট জিলাত ভয়াবহ জলপ্ৰলয়ৰ সৃষ্টি হৈছিল।

সেই জলপ্ৰলয়ে ৩ গৰাকী লোকৰ প্ৰাণ কাঢ়ি নিছিল। ইয়াৰোপৰি জিলাখনৰ ৬৯ খন গাঁৱৰ ২৪৩৪৬ গৰাকী লোক ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ৬৬০০ পশুধনৰ মৃত্যু ঘটিছিল আৰু ১২০৮.৫৬ হেক্টৰ কৃষিভূমিৰ শস্য পানীত ডুব গৈ নষ্ট হৈছিল। উক্ত বানে বহু কৃষকৰ সপোনৰ ঘৰখনৰ লগতে শস্য,পশুধন তচনচ কৰি তাণ্ডৱৰ সৃষ্টি কৰিছিল।

২০১৮ বৰ্ষৰ ২৬ আৰু ২৭ জুলাইত সৃষ্টি হোৱা সেই মহা জলপ্ৰলয়ৰ আতংক মাৰ নৌ যাঁওতেই পুনৰ অনুৰূপ পৰিবেশৰ সৃষ্টি হোৱাৰ উপক্ৰম ঘটিছে।

যোৱা কেইবাদিন ধৰি নগা পাহাৰত দি থকা ধাৰাষাৰ বৰষুণৰ ফলত ধনশিৰি, আৰু দৈয়াং নদীৰ জলপৃষ্ঠ ক্ৰমাত বৃদ্ধি পাব ধৰিছে। মঙলবাৰে নিপকো কৰ্তৃপক্ষই গোলাঘাট জিলা প্ৰশাসনক জনোৱা মতে নাগালেণ্ডৰ ওখা জিলাৰ দৈয়াং নদীত থকা দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ ৰিজাৰ্ভাৰৰ পানীও ক্ৰমাৎ বৃদ্ধি পাই আছে।

আজি পুৱা ৬ বজাত ৰিজাৰ্ভাৰটোৰ জলস্তৰ আছিল ইএল ৩১৯.২০মিটাৰ আৰু দিনৰ ১১বজাত এই পৰিমাণ আছিল ৩১৯.৭০মিটাৰ। এনে পৰিস্থিতিত ৰিজাৰ্ভাৰটো Full Reservoir Level (ইএল ৩২৪.০০ মিটাৰ) অৰ্থাৎ পানীৰে পূৰ্ণ হৈ যোৱাৰ আশংকা কৰা হৈছে।

NEEPCO কৰ্তৃপক্ষই জনাইছে যে জলস্তৰ এনেকৈ বৃদ্ধি পাই থাকিলে ইএল ৩২১মিটাৰ হোৱাৰ লগে লগেই অত্যধিক পানীখিনি উলিয়াই দিয়াৰ বাবে দৈয়াং ৰিজাৰ্ভাৰৰ ৰেডিয়েল গেটসমূহ খুলি দিয়া হ'ব। অত্যধিক পানীখিনি দৈয়াং পাৱাৰ হাউচৰ নামনি অংশৰে দৈয়াং নদীৰে বৈ যাব।

ইয়াৰ পৰিপ্ৰেক্ষিতত দৈয়াং নদীত বৃদ্ধি পাব পৰা জলস্তৰৰ ফলত গোলাঘাট জিলাত যাতে কোনো জীৱন আৰু সম্পত্তিৰ ক্ষয়-ক্ষতি নহয় তাৰ বাবে জিলা প্ৰশাসনে নৈপৰীয়া লোকসকলক কিছু সতৰ্ক হ'বলৈ আহ্বান জনাইছে। জিলা প্ৰশাসনে পৰৱৰ্তী জাননী নোপোৱালৈকে নৈপৰীয়া গাঁৱৰ লোকসকলক নদীৰ কাষৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে। লগতে এই সময়চোৱাত নদীত সাতোঁৰা, মাছ ধৰা, গা ধোৱা, নদীৰ কাষত খেলা-ধূলা কৰা আদিৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱা হৈছে।

যি কোনো মূহুৰ্ততে খুলি দিব পাৰে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ ৰিজাৰ্ভাৰৰ গেট...
অবৈধ ধনৰ লেন-দেনঃ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীলৈ ইডিৰ চমন...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in