অবৈধ ধনৰ লেন-দেনঃ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীলৈ ইডিৰ চমন...

অবৈধ ধনৰ লেন-দেনঃ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীলৈ ইডিৰ চমন...

ডিজিটেল ডেস্কঃ এজনৰ পাছত আন এজন নেতালৈ চমন জাৰি কৰিছে ইডিয়ে। এইবাৰ অবৈধ ধনৰ লেন-দেন সম্পৰ্কীয় গোচৰৰ বাবে চমন জাৰি কৰিছে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনক।

হেমন্ত সোৰেনক ১৪ আগষ্টত সোধা-পোছাৰ বাবে ইডিয়ে মাতি পঠিয়াইছে। ইডিয়ে অভিযোগ কৰিছে যে মুখ্যমন্ত্ৰী সোৰেনৰ সৈতে তেওঁৰ পৰিয়ালৰ সদস্যসকলও ভূমি কেলেংকাৰীত জড়িত হৈ আছে। এতিয়ালৈকে, গোচৰটোত ১৩ জনলোকক গ্ৰেপ্তাৰ কৰা হৈছে।

ভূমি কেলেংকাৰী গোচৰত ইয়াৰ পূৰ্বে ইডিয়ে ২০২২ চনৰ ১৮ নৱেম্বৰত মুখ্যমন্ত্ৰীগৰাকীক ১০ ঘন্টা ধৰি জেৰা কৰিছিল। ইয়াৰ পাছতএইবাৰ পুনৰ তেওঁক চমন জাৰি কৰিছে।

ৰাঞ্চীৰ ভূমি কেলেংকাৰী গোচৰ তদানীন্টন ৰাঞ্চী বিভাগীয় আয়ুক্ত নিতিন মদন কুলকাৰ্ণীৰ প্ৰতিবেদনৰ ভিত্তিত এই তদন্ত কৰা হৈছে। সেনাই দখল কৰা ভূমিৰ তদন্ত কৰাৰ পিছত আয়ুক্তজনে চৰকাৰক এখন প্ৰতিবেদন দাখিল কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in