কুঁৱলীৰ আৱৰণ ফালি কাজিৰঙাত দেশী-বিদেশী পৰ্যটক

কুঁৱলীৰ আৱৰণ ফালি কাজিৰঙাত দেশী-বিদেশী পৰ্যটক

ডিজিটেল সংবাদ,কাজিৰঙা : ঘন কুঁৱলীৰে ঢাকিছে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাক ৷ তাৰ মাজতে পৰ্যটকৰ হাতী ছাফাৰী,জীপ ছাফাৰী ৷ ধৰাৰ বুকুত হিম চেঁচা কুঁৱলীৰ ঘন আস্বাদন ৷

পুৱাই ডাঠ কুৱঁলীৰ আৱৰণে ঢাকি পেলাইছে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাক ৷ ডাঠ কুৱঁলীৰ আৱৰণ ফালি দেশী-বিদেশী পৰ্যটকে কৰিছে জীপ ছাফাৰী-হাতী ছাফাৰী ৷ উপভোগ কৰিছে কাজিৰঙাৰ নয়নাভিৰাম শোভা ৷

কাজিৰঙা পৰ্যটনৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু হাতী ছাফাৰীত যোৱা পৰ্যটকৰ কুৱঁলীৰ আস্বাদন অন্যতম পচন্দ ৷ উল্লেখ্য যে শীত নামি অহাৰ লগে লগে অনন্য ৰূপ লাভ কৰিছে কাজিৰঙাই ৷

এই সময়ছোৱাতে পৰিভ্ৰমী পক্ষীৰ কলৰৱত মুখৰিত হৈ পৰিছে কাজিৰঙাৰ আকাশ-বতাহ ৷ সূৰ্যৰ হেঙুল কিৰণৰ লগতে বন্যজন্তুৰ বিচৰণে ৰোমাঞ্চিত কৰি তোলে সকলোকে ৷

কুঁৱলীৰ আৱৰণ ফালি কাজিৰঙাত দেশী-বিদেশী পৰ্যটক
ৰাংচালি মধ্য ইংৰাজী বিদ্যালয়ত বৰ্ণাঢ্য কাৰ্যসূচীৰে ক্ৰীড়া সমাৰোহ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in