মেৰাপানীত কৰ্তব্যৰত চিকিৎসকক আক্ৰমণঃ আটক এজন

মেৰাপানীত কৰ্তব্যৰত চিকিৎসকক আক্ৰমণঃ আটক এজন

ডিজিটেল সংবাদ,মেৰাপানীঃ মেৰাপানীত চিকিৎসক নিগ্ৰহৰ ঘটনা সংঘটিত। নিশা কৰ্তব্যৰত অৱস্থাত দুই যুৱকে মৰিয়াই মৰিয়াই আহত কৰে মেৰাপানী সমূহীয়া চিকিৎসালয়ৰ এজন চিকিৎসকক। ঘটনাত গুৰুতৰভাৱে আহত ডাঃ মনিম আল্‌ মাছুদ আহমেদ। ঘটনা অনুসৰি বুধবাৰে নিশা নৱগ্ৰাম বিজয়পুৰৰ পাপু শইকীয়া নামৰ এজন যুৱক মূৰত আঘাটপ্ৰাপ্ত হৈ আন এজন বন্ধুৰ সৈতে মেৰাপানী চিকিৎসালয়লৈ আহিছিল। সেইসময়ত চিকিৎসালয়খনত কৰ্তব্যত নিয়োজিত হৈ আছিল চিকিৎসক ডাঃ মনিম আল্‌ মাছুদ আহমেদ।

পাপু নামৰ ৰোগীজনে আন এজন সতীৰ্থসহ চিকিৎসক জনৰ ওচৰলৈ চিকিৎসাৰ বাবে আহে যদিও কোনো ধৰণৰ টিকট সংগ্ৰহ নকৰাৰ বাবে ডাঃ আহমেদে এটি টিকট সংগ্ৰহ কৰিবলৈ কয়।সেই সময়ত টিকট প্ৰদান কৰা ব্যক্তিজন কিবা কাৰণত বাহিৰলৈ যোৱাৰ বাবে তেওঁক নাপায় খঙত অগ্নিশৰ্মা হৈ দুই যুৱকে কৰ্তব্যৰত চিকিৎসকজনক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে। লগতে তেওঁৰ ম'বাইল ফোনটো ভাঙি চূৰমাৰ কৰে।

ঘটনাৰ সন্দৰ্ভত চিকিৎসকজনে ততাতৈয়াকৈ মেৰাপানী আৰক্ষীক অৱগত কৰাত চিকিৎসালয়খনত আৰক্ষী উপস্থিত হৈ নিশাই চিকিৎসকক প্ৰহাৰ কৰা পাপু শইকীয়াক আটক কৰে যদিও আনজন সতীৰ্থক বৰ্তমানেও কৰায়ত্ত কৰিব পৰা নাই। ইফালে ঘটনাক লৈ তীব্ৰ নিৰাপত্তাহীনতাত ভূগিছে মেৰাপানী চিকিৎসালয়ৰ চিকিৎসক কৰ্মচাৰী সকল। তদুপৰি নিগ্ৰহৰ বলি হোৱা চিকিৎসক আহমেদে নিজাববীয়াকৈ মেৰাপানী আৰক্ষী থানাত গোচৰ তৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে।

মেৰাপানীত কৰ্তব্যৰত চিকিৎসকক আক্ৰমণঃ আটক এজন
কোকৰাঝাৰত নিৰ্বাচন খেলিব নোৱাৰে নৱ শৰণীয়াই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in