কবি-ঔপন্যাসিক দিলীপ ফুকনলৈ নৰ্থ ইষ্ট ফাউণ্ডেশ্যনৰ 'ধ্ৰুৱজ্যোতি বৰা সাহিত্য পুৰস্কাৰ'...

কবি-ঔপন্যাসিক দিলীপ ফুকনলৈ নৰ্থ ইষ্ট ফাউণ্ডেশ্যনৰ 'ধ্ৰুৱজ্যোতি বৰা সাহিত্য পুৰস্কাৰ'...

author-image
Asomiya Pratidin
New Update
কবি-ঔপন্যাসিক দিলীপ ফুকনলৈ নৰ্থ ইষ্ট ফাউণ্ডেশ্যনৰ 'ধ্ৰুৱজ্যোতি বৰা সাহিত্য পুৰস্কাৰ'...

কবি-ঔপন্যাসিক দিলীপ ফুকনলৈ নৰ্থ ইষ্ট ফাউণ্ডেশ্যনৰ ২০২২ বৰ্ষৰ 'ধ্ৰুৱজ্যোতি বৰা সাহিত্য পুৰস্কাৰ'...

ডিজিটেল সংবাদ বোকাখাতঃ জন্মসূত্ৰে বোকাখাত কুৰুৱাবাহীৰ আৰু বৰ্তমান তেজপুৰৰ বাসিন্দা কবি-ঔপন্যাসিক দিলীপ ফুকনলৈ আগবঢ়োৱা হৈছে নৰ্থ ইষ্ট ফাউণ্ডেশ্যনৰ ২০২২ বৰ্ষৰ 'ধ্ৰুৱজ্যোতি বৰা সাহিত্য পুৰস্কাৰ'। সত্তৰ দশকৰ পৰা প্ৰগতিশীল চিন্তা চেতনাৰে নিষ্পেষিত জনগনৰ স্বাৰ্থত থাকি অসমীয়া কবিতাৰ ক্ষেত্ৰখনত নিৰলস ভাবে চৰ্চা অব্যাহত ৰখা কবি দিলীপ ফুকনলৈ নৰ্থ ইষ্ট ফাউণ্ডেশ্যনে ২০২২ বৰ্ষৰ 'ধ্ৰুৱজ্যোতি বৰা সাহিত্য পুৰস্কাৰ' প্ৰদান কৰাত নিশ্চিত ভাবেই অসমীয়া প্ৰগতিশীল কবিতাৰ বাবে এক উৎসাহজনক খবৰ বুলি বিবেচিত হ'ব।

Advertisment

অসমীয়া জনমানসত মুখে মুখে প্ৰচলিত সাধুকথা সমূহৰ বস্তুনিষ্ঠ আলোচনা আগবঢ়াই 'লোক জীৱনৰ মনোধ্বনী'-শীৰ্ষক গ্ৰন্থৰে পঢ়ুৱৈ সমাজৰ মাজত বিশেষ চৰ্চা লাভ কৰিবলৈ সক্ষম হোৱা কবি দিলীপ ফুকনৰ প্ৰকাশিত কাব্য সংকলন 'বিপ্লৱ প্লাৱন', 'দৈকলা সাঁতোৰে য'ত', 'দুনাই অগ্নিত আখৈ ফুটে', 'দৈবাৎ এহালী দেওহাঁহ', আদি নিসন্দেহ অসমীয়া প্ৰগতিশীল কবিতাৰ মাইলৰ খুঁটি হৈ ৰৈছে।

ইয়াৰ উপৰিও দিলীপ ফুকনৰ কবিতাৰ 'নেপথ্য কথা'ৰে চন্দন গোস্বামীৰ দ্বাৰা সম্পাদিত 'কবিতাৰ লতা-কটা বাট' এক অনন্য সুখপাঠ্য গ্ৰন্থ। উল্লেখযোগ্য যে, কবি দিলীপ ফুকন এগৰাকী নিপুণ গদ্য লিখকো। গোলাঘাট জিলাৰ বোকাখাত কুৰুৱাবাহীৰ ঐতিহাসিক বান খহনীয়া বিৰোধী আন্দোলন আৰু ইয়াৰ স্থানীয় জনসাধাৰণৰ সংগ্ৰামক সমল হিচাপে লৈ ৰচিত উপন্যাস 'জল পদুমৰ পানচৈ' কবি দিলীপ ফুকনৰ প্ৰান্তীয় মানুহৰ জীৱন সংগ্ৰামৰ এক জীয়া তথা শক্তিশালী ছবি হিচাপে বহুল পঠিত আৰু সমালোচিত।

লগতে সাহিত্য আলোচনী 'সাতসৰী'ত প্ৰকাশিত 'অস্তি ধনশিৰি তীৰে' উপন্যাসিকাখনেও ঔপন্যাসিক হিচাপে কবি দিলীপ ফুকনে জনপ্ৰিয়তা লাভ কৰিছে।ইয়াৰ উপৰিও কবি দিলীপ ফুকনে বিভিন্ন কাকত-আলোচনীত সময়ে সময়ে অসমীয়া কবিতাৰ ভালেমান মননশীল আলোচনা আগবঢ়াই অসমীয়া সাহিত্য আলোচনাৰ ধাৰাটোকো সমৃদ্ধ কৰি আহিছে।

Also Read: ১৫ হাজাৰ ৭০০ কোটি টকাৰ প্ৰকল্প লৈ অযোধ্যালৈ প্ৰধানমন্ত্ৰীঃ ৰামায়ণৰ শ্ৰষ্টাৰ নামেৰে নামকৰণ বিমান বন্দৰ...

দিলীপ ফুকন