এইবাৰ দিহানামৰ বিশ্ব অভিলেখৰ পৰিকল্পনা...

এইবাৰ দিহানামৰ বিশ্ব অভিলেখৰ পৰিকল্পনা...

ডিজিটেল সংবাদ, গোলাঘাট : বিহুৰ পিছত এইবাৰ ৰাজ্যত চলিছে দিহানামৰ জৰিয়তে বিশ্ব অভিলেখৰ পৰিকল্পনা। একেলগে ষাঠি হাজাৰ লোকক একত্ৰিত কৰি দিহানাম পৰিৱেশন পৰিকল্পনা সদৌ অসম শঙ্কৰ-মাধৱ সাংস্কৃতিক দিহানাম সমিতিৰ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ কৰিছে দিহানামৰ জৰিয়তে বিশ্ব অভিলেখৰ প্ৰস্তুতি । জিলাই জিলাই নিৰ্মাণ কৰিছে সমিতি । পাঁচ হাজাৰ দিহানাম দলৰ প্ৰতিটো দলতে বাৰ জনকৈ মুঠ ষাঠি হাজাৰ লোকে পৰিৱেশন কৰিব দিহানাম। তাৰোপৰি এক হাজাৰ শঙ্খ বজোৱাৰ লগতে থাকিব ভোৰ তাল নৃত্যও । সংগঠনটোৰ কেন্দ্ৰীয় সমিতিয়ে জিলাই জিলাই গঠন কৰিছে সমিতি ।

গৰিষ্ঠ সংখ্যক মহিলাক লৈ আৰম্ভ কৰিছে পৰিকল্পনা । সকলো কাম-কাজ সম্পূৰ্ণ হোৱাৰ পিছত বিচাৰিব চৰকাৰৰ সহায় । ৰজাঘৰে সহায় নকৰিলেও কৰা হ'ব বিশ্ব ৰেকৰ্ডৰ বাবে হ'বলগীয়া প্ৰদৰ্শন। গোলাঘাট জিলাতো সমিতি গঠনৰ বাবে আয়োজন কৰা হয় বিশেষ সভাৰ । সভাত সহাঁৰি জনাই জিলাখনৰ শ-শ মহিলাই। সকলোকে দিহানামৰ জৰিয়তে বিশ্ব অভিলেখ গঢ়াৰ ক্ষেত্ৰত সহযোগ কৰিবলৈ আহ্বান জনাইছে উদ্যোক্তাসকলে।

এইবাৰ দিহানামৰ বিশ্ব অভিলেখৰ পৰিকল্পনা...
কাৰ ভাগ্য ফুলিব ? অগ্ৰগতিৰ দিশে কংগ্ৰেছ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in