দেৱৰাজ ৰয় মহাবিদ্যালয়ত লোকনৃত্যৰ কৰ্মশালা...

দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা কৰ্মশালাখনি সুৰ সমলয় আৰু ছাত্ৰী-ছাত্ৰীৰ ক্ৰিয়াকলাপ কোষৰ উদ্যোগত তথা ছাত্ৰ একতা সভাৰ সহযোগত অনুষ্ঠিত হয়

author-image
Asomiya Pratidin
New Update
দেৱৰাজ ৰয় মহাবিদ্যালয়ত লোকনৃত্যৰ কৰ্মশালা...

ডিজিটেল সংবাদ, গোলাঘাট: গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ত বড়ো আৰু কাৰ্বি লোকনৃত্যৰ কৰ্মশালা। দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা কৰ্মশালাখনি সুৰ সমলয় আৰু ছাত্ৰী-ছাত্ৰীৰ ক্ৰিয়াকলাপ কোষৰ উদ্যোগত তথা ছাত্ৰ একতা সভাৰ সহযোগত অনুষ্ঠিত হয়। ২০ আৰু ২১ মাৰ্চ তাৰিখে অনুষ্ঠিত হয় এই কৰ্মশালাখনি।

কৰ্মশালাখনি মহাবিদ্যালয়ৰ শৈক্ষিক উপাধ্যক্ষ গায়ত্ৰী শৰ্মা তামুলীয়ে বন্তি প্ৰজ্জলনেৰে শুভ উদ্বোধন কৰে। কৰ্মশালাত সমল ব্যক্তি ৰূপে দেশ বিদেশত সমাদৃত অসমৰ প্ৰতিথযহা লোকনৃত্যৰ শিল্পী জীণা ৰাজকুমাৰীয়ে তেওঁৰ দলসহ অংশগ্রহণ কৰে। উক্ত কৰ্মশলাত দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ আৰু গোলাঘাট জিলাৰ বিভিন্ন স্কুল-কলেজৰ ৮০ জনকৈ ছাত্ৰ ছাত্ৰীয়ে প্ৰশিক্ষণত গ্ৰহণ কৰে।

কৰ্মশালাৰ উদেশ্যে ব্যাখ্যা প্ৰসংগত সমলয়ৰ হৈ ড০ যদুমনি দাসে কয় যে বাৰেৰহণীয়া অসমীয়া লোকসংস্কৃতিৰ বিভিন্ন সমলসমূহ সংৰক্ষণ আৰু নৱ প্ৰজন্মৰ মাজত জনপ্ৰিয় কৰাৰ উদ্দেশ্যে গঠিত সূৰ সমলয়ৰ এয়া প্ৰাৰম্ভিক প্ৰয়াস। উল্লেখ্য যে, কৰ্মশালাৰ সফল সমাপ্তিত প্ৰশিক্ষণ গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰী সকলক একোখনকৈ মান পত্ৰ প্ৰদান কৰা হয়।

Also Read: আজি কামাখ্যা দৰ্শনৰ বাবে আহিছিল ৰাণী মুখাৰ্জী, কাৰণ...

golaghat