গোলাঘাটতো দেশভক্ত তৰুণ ৰাম ফুকনৰ স্মৃতি দিৱস পালন...

গোলাঘাট জিলাতো শুকুৰবাৰে দেশভক্ত তৰুণৰাম ফুকনৰ ৮৪ সংখ্যক স্মৃতি দিৱস "দেশভক্তি দিৱস" হিচাবে পালন কৰা হয়

author-image
Asomiya Pratidin
New Update
গোলাঘাটতো দেশভক্ত তৰুণ ৰাম ফুকনৰ স্মৃতি দিৱস পালন...

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট জিলাতো শুকুৰবাৰে দেশভক্ত তৰুণৰাম ফুকনৰ ৮৪ সংখ্যক স্মৃতি দিৱস "দেশভক্তি দিৱস" হিচাবে পালন কৰা হয়। জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত আৰু গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত কাৰ্যসূচীৰ অংশৰূপে দেশভক্ত তৰুণৰাম ফুকনৰ প্ৰতিচ্ছবিত পুষ্পাৰ্ঘ নিবেদন কৰি মহান স্বাধীনতা সংগ্ৰামীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত অর্পা বাগলাৰীয়ে স্বাধীনতা সংগ্ৰামীগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ লগতে পুষ্পাঞ্জলী অৰ্পণ কৰে।

Advertisment

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অতিৰিক্ত উপায়ুক্তদ্বয় ক্ৰমে দামোদৰ বৰ্মন আৰু চৈয়দ ৱাছবিৰ চুভানি, মহকুমাধিপতি (সদৰ) পাপৰি দাস, সহকাৰী আয়ুক্ত অন্বেষা ঠাকুৰ আৰু কৃষ্ণাৰ্পিতা বৰুৱা, জিলা তথ্য আৰু জনসংযোগ বিষয়া পম্পী দেৱী, জিলা আয়ুক্তৰ কাৰ্যালয় আৰু জিলা তথ্য আৰু জনসংযোগ বিভাগৰ কাৰ্যালয়ৰ সমূহ কৰ্মচাৰী উপস্থিত আছিল। উল্লেখযোগ্য যে, অসম চৰকাৰে দেশৰ স্বাধীনতা সংগ্ৰামত দেশভক্ত তৰুণৰাম ফুকনৰ অৱদানৰ প্ৰতি সন্মান জনাই ২০২১ চনৰ পৰা তেখেতৰ স্মৃতি দিৱস অৰ্থাৎ ২৮ জুলাইৰ দিনটো দেশভক্তি দিৱস হিচাবে পালন কৰি আহিছে।

Also Read: APCCৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে গহপুৰ আৰক্ষী থানাত বিজেপিৰ এজাহাৰ...

golaghat administration