APCCৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে গহপুৰ আৰক্ষী থানাত বিজেপিৰ এজাহাৰ...

APCCৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে গহপুৰ আৰক্ষী থানাত বিজেপিয়ে এজাহাৰ দাখিল কৰে

author-image
Asomiya Pratidin
New Update
APCCৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে গহপুৰ আৰক্ষী থানাত বিজেপিৰ এজাহাৰ...

ডিজিটেল সংবাদ, ছয়দুৱাৰঃ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে গহপুৰ বিজেপিয়ে শুকুৰবাৰে গহপুৰ আৰক্ষী থানাত দাখিল কৰিছে এখন এজাহাৰ। গহপুৰ নগৰ মণ্ডল বিজেপিৰ সভাপতি পুস্প কাকতি, সম্পাদকদ্বয় বিপ্লৱ শইকীয়া, পোণাৰাম বৰা, উপ সভানেত্ৰী নিজৰা ভূঞা, মহিলা মৰ্চাৰ উপ সভানেত্ৰী জুলি হাজৰিকা, যুৱ মৰ্চাৰ সভাপতি ৰিংকু ভট্টৰ নেতৃত্বত দাখিল কৰা এজাহাৰখনত উল্লেখ কৰা অনুসৰি- "অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই সম্প্ৰতি বহু চৰ্চিত অপৰাধৰ বিষয় "লাভ জেহাদ" সম্পৰ্কে মন্তব্য দিবলৈ গৈ ভাৰতীয় সনাতন হিন্দু সংস্কৃতিৰ পৰম আৰাধ্য ভগৱান শ্ৰী কৃষ্ণৰ সৈতে কুণ্ডিল জীয়ৰী, ভীষ্মক কন্যা ৰুক্মিণীৰ বিবাহ কাৰ্যক লাভ জেহাদ আখ্যা দিবলৈ গৈ হিন্দু সনাতনী ধৰ্মৰ ওপৰত আঘাত হানিছে লগতে ভগৱান শ্ৰী কৃষ্ণক হেয় প্ৰতিপন্ন কৰাৰ গুৰুত্বৰ অপৰাধত জড়িত হৈছে।

Advertisment

হিন্দু সনাতনী সংস্কৃতিত শ্ৰী কৃষ্ণক ভগৱান বিষ্ণুৰ অৱতাৰ বুলি গণ্য কৰা হয় ঠিক তেনেকৈ ৰুক্মিণী দেৱীক শ্ৰীশ্ৰী মা লক্ষ্মীৰ অৱতাৰ বুলিও গণ্য কৰা হয়, অৰ্থাৎ শ্ৰী কৃষ্ণ আৰু ৰুক্মিণীক মৈত্যত শ্ৰী বিষ্ণু আৰু শ্ৰীশ্ৰী মা লক্ষ্মী দেৱী জ্ঞান কৰি ভক্তি নিবেদন কৰা হয়, ইয়াৰ উপৰিও হিন্দু সনাতনী ধৰ্মৰ শ্ৰেষ্ঠ কাব্য গ্ৰন্থ "মহাভাৰত"ৰ মূল চৰিত্ৰ ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীৰ বিবাহ কাৰ্যক লাভ জেহাদী আখ্যা দিছে আৰু লগতে বৃহত্তৰ অসমীয়া জাতিৰ প্ৰাণ পুৰুষ গুৰুজনা শ্ৰীমন্ত শংকৰদেৱক এই নিকৃষ্ট আৰু টুলুঙা মন্তব্যৰ মাজলৈ টানি আনি গুৰুজনাক অপমান কৰিছে।

ভূপেন বৰাৰ এনে মন্তব্যই বৃহত্তৰ সনাতনী হিন্দু সমাজৰ ধৰ্মীয় অনুভূতিত আঘাত হানিছে লগতে ইয়াৰ যোগেদি সমাজত ধৰ্মীয় উত্তেজনা তথা অশান্তি বিয়পোৱাৰ এক গভীৰ চক্ৰান্তত লিপ্ত হৈছে। আগন্তুক লোকসভা ২০২৪ৰ নিৰ্বাচনলৈ মাজত মাথোঁ কেইটিমান মাহ বাকী থকা অৱস্থাত অসম ৰাজ্যখনক অশান্ত জৰ্জৰ অৱস্থালৈ লৈ যোৱাৰ এক গভীৰ ষড়যন্ত্ৰ।

ভূপেন বৰাৰ এনে মন্তব্যৰ মাজত নিহিত আছে অসৎ উদ্দেশ্য প্ৰণোদিত। ভূপেন বৰাৰ এনে মন্তব্য আৰু বক্তব্যই হিন্দু সনাতনী ধৰ্মৰ আৰাধ্য দেৱ-দেৱীক লাভ জেহাদৰ দৰেই গুৰুতৰ অপৰাধত অপৰাধী বুলি কৰা মন্তব্যই যেনেকৈ বৃহত্তৰ সনাতনী সমাজৰ ধৰ্মীয় অনুভূতিত আঘাত কৰিছে তেনেকৈয়ে তেওঁ দেশ কপোৱা গোলাঘাট চহৰৰ "ট্ৰিপল মাৰ্ডাৰ" ঘটনাৰ তদন্তক বিপথে পৰিচালিত কৰাৰ প্ৰয়াস কৰিছে।

গোলাঘাটৰ ঘটনাৰ মূল অভিযুক্ত হত্যাকাৰীজনক প্ৰকৃত শাস্তিৰ পৰা ৰেহাই দিয়াৰ উদ্দেশ্যে ভূপেন বৰাই কিছুমান আবোল তাবোল সস্তীয়া মন্তব্য কৰি সনাতনী সমাজৰ মাজত বিষবাষ্প বিয়পাই জুই জ্বলোৱা প্ৰচেষ্টা হাতত লৈছে।" সেয়েহে ভূপেন বৰাক আইনৰ আওতালৈ আনি ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিবলৈ আৰু সমাজখনক ভয়াৱহ উত্তেজনামূলক প্ৰৰোচনাৰ পৰা ৰক্ষা কৰিবলৈ এজাহাৰখনত উল্লেখ কৰা হৈছে বুলি প্ৰকাশ কৰে।

Also Read: গহপুৰৰ টেটোনপুখুৰী সাপ্তাহিক বজাৰ বন্দৱস্তিৰ নামত ব্যাপক অনিয়মৰ অভিযোগ

Assam Pradesh Congress Commitee Assam police