চৰম দুৰৱস্থাত কবি নীলমণি ফুকনৰ স্মৃতি বিজড়িত দেৰগাঁৱৰ এটা পথ

চৰম দুৰৱস্থাত কবি নীলমণি ফুকনৰ স্মৃতি বিজড়িত দেৰগাঁৱৰ এটা পথ

ডিজিটেল সংবাদ, দেৰগাঁওঃ দেৰগাঁৱৰ এটা পথে জ্বলা-কলা খুৱাইছে অঞ্চলবাসীক। কবি নীলমণি ফুকনৰ স্মৃতি বিজড়িত পথচোৱাৰ চৰম দুৰৱস্থাৰ বাবে তেওঁৰ জন্মদিনটোতে চকুলো টুকিছে স্থানীয়া ৰাইজে। বৰ্তমানৰ চৰকাৰে দেৰগাঁৱৰ মাজেদি যোৱা চাৰিলেন যুক্ত পথৰ দুয়োকাষে জ্ঞানপীঠ বঁটা বিজয়ী কবি নীলমণি ফুকনৰ নামত সোণাৰু গছ ৰোপণৰ পৰিকল্পনা কৰি দেওবাৰে শুভাৰম্ভ কৰিছে। কিন্তু তেখেতৰ বহু প্ৰত্যক্ষ স্মৃতি জড়িত চকিয়া পথৰ দুৰৱস্থা দেখিও যেন কাণসাৰ নাই স্থানীয় বিধায়ক ভৱেন ভড়ালী অথবা লোক নিৰ্মাণ বিভাগৰ।

পথচোৱা বিধ্বস্ত হৈ পৰাত সাধাৰণ এজাক বৰষুণে বৰ্তমান সৃষ্টি কৰে পুখুৰী সাদৃশ্য পৰিৱেশ। দীৰ্ঘদিন মেৰামতিৰ অভাৱত পথৰ মাজে মাজে বৃহৎ গাঁত সৃষ্টি হোৱাত সাধাৰণ ৰাইজে যাতায়তৰ বেলিকা জীয়াতু ভুগি আহিবলগীয়া হৈছে । মেৰামতিৰ অভাৱত পকী পথৰটোৰ মাজৰ অংশসমূহ এৰাই গৈ শিলগুটি ওলাই এজাক বৰষুণতেই পথৰ মাজত থকা গাঁতসমূহত একাঁঠু পানীৰে ভৰি পৰে।

উল্লেখ্য যে, ৩৭ ৰাষ্ট্ৰীয় ঘাইপথ পথৰ পৰা চকিয়াল হৈ শংকৰদেৱৰ শিশু নিকেতন, মানৱ ধৰ্ম মন্দিৰ, হনুমান মন্দিৰ, বিদ্যালয়-মহাবিদ্যালয় আদিলৈ এই পথটোৱেদি দৈনিক শ শ লোকে যাতায়ত কৰে । তদুপৰি বৰ্তমান দেৰগাঁৱত চাৰিলেন যুক্ত পথ নিৰ্মাণৰ ফলত বহুতো ব্যৱসায়ীয়ে এই ভিতৰুৱা পথেদি গৈ নতুনকৈ ব্যৱসায় গঢ়ি তুলিছে। পথটি মেৰামতিৰ বাবে দেৰগাঁও সমষ্টিৰ বিধায়ক তথা দেৰগাঁও পৌৰপতিক ৰাইজে আবেদন-নিবেদন কৰি আছে যদিও অদ্যপি কোনো সুফল লাভ নকৰাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ।

চৰম দুৰৱস্থাত কবি নীলমণি ফুকনৰ স্মৃতি বিজড়িত দেৰগাঁৱৰ এটা পথ
গহপুৰত গংগোত্ৰী গোস্বামীৰ সোঁৱৰণত বঁটা প্ৰদান অনুষ্ঠান

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in