নামৰূপত বিদ্যুৎ পৰিবাহী তাঁৰত লাগি থিতাতে মৃত্যু এজনৰ

নিশা অহা এজাক সামান্য ধুমুহা-বতাহত নামৰূপ খেৰেমীয়া গাঁৱত মূল পথৰ কাষৰ এটা বিদ্যুতৰ খুঁটাৰ পৰা বিদ্যুৎ পৰিবাহী তাঁৰ ছিঙে

author-image
Asomiya Pratidin
New Update
নামৰূপত বিদ্যুৎ পৰিবাহী তাঁৰত লাগি থিতাতে মৃত্যু এজনৰ

ডিজিটেল সংবাদ, নামৰূপঃ নামৰূপ থানাৰ অন্তৰ্গত খেৰেমীয়া গাঁৱত বুধবাৰে নিশা প্ৰায় ৯.৪৫ বজাত ৰাস্তাত পৰি থকা এডাল বিদ্যুৎ পৰিবাহী তাঁৰত লাগি এজন ব্যক্তিৰ থিতাতে মৃত্যু হোৱা ঘটনাই নামৰূপত শোকৰ ছাঁ পেলাইছে। ঘটনা বিৱৰণি মতে বুধবাৰে নিশা অহা এজাক সামান্য ধুমুহা-বতাহত নামৰূপ খেৰেমীয়া গাঁৱৰ মূল পথৰ  কাষৰ এটা বিদ্যুতৰ খুঁটাৰ পৰা বিদ্যুৎ পৰিবাহী তাঁৰ ছিঙি যায়।

Advertisment

নিশা বতাহ-বৰষুণ কিছু পৰিমাণে শামকটাত উক্ত গাঁৱৰে বাসিন্দা মণ্টু তাঁতী(৪১) সেই পথেদি ঘৰমুৱা হৈছিল। পথত বিজুলীৰ ব্যৱস্থা নোহোৱাত মণ্টু তাঁতীয়ে এন্ধাৰত পথত পৰি থকা তাঁৰৰ ওপৰত ভৰি দিয়ে। বিদ্যুৎ পৰিবাহী তাঁৰত লাগি থিতাতে মৃত্যুক আঁকোৱালি লয় মণ্টু তাঁতীয়ে। তাঁতীক স্থানীয় ৰাইজে লগে লগে নামৰূপৰ চৰকাৰী চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসালয়ত তেওঁক মৃত বুলি  ঘোষণা কৰাৰ পিছতে বিদ্যুৎ বিভাগৰ ওপৰত ক্ষোভিত হৈ পৰে স্থানীয় ৰাইজ।

এই ঘটনাৰ পিছতেই নিশা প্ৰায় ১১ বজালৈ এক হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয়  চিকিৎসালয়খনত। ঘটনাস্থলীত নামৰূপৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো নিশা  নামৰূপ থানা লৈ যায়। ইফালে বৃহস্পতিবাৰৰ পুৱাই মৃত মণ্টু তাঁতীৰ ঘৰত নামৰূপ থানাৰ ভাৰ প্ৰাপ্ত বিষয়া, অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (এপিডিচিএল) দুলিয়াজান সংমণ্ডলৰ সহ: মহাপ্ৰবন্ধক চিকুণ হাজৰিকা আৰু নামৰূপ উপ সংমণ্ডলৰ বিষয়াসকল মৃতকৰ ঘৰত উপস্থিত হয়।

শোক সন্তপ্ত পৰিয়ালবর্গক সমবেদনা জ্ঞাপন কৰাৰ লগতে পৰিয়ালটিক সাময়িকভাবে কৃতকৰ্ম সম্পাদনৰ বাবে কিছু আৰ্থিক সাহাৰ্য প্ৰদান কৰে। লগতে এ পি ডি চি এলৰ তৰফৰ পৰা পৰিয়ালটিক ক্ষতি পূৰণ দিয়াৰো আশ্বাস প্ৰদান কৰে।

Also Read: নায়ক নে খলনায়ক?

apdcl