গঁড়লৈ নিক্ষেপ কৰা গুলী সোমালগৈ যুৱকৰ দিঙিতঃ দেৰগাঁৱত পুনৰ অঘটন...

পুৱা গঁড়ৰ আক্ৰমণত গুৰুতৰভাবে আহত হৈছিল এজন
গঁড়লৈ নিক্ষেপ কৰা গুলী সোমালগৈ যুৱকৰ দিঙিতঃ দেৰগাঁৱত পুনৰ অঘটন...
গঁড়লৈ নিক্ষেপ কৰা গুলী সোমালগৈ যুৱকৰ দিঙিতঃ দেৰগাঁৱত পুনৰ অঘটন...

ডিজিটেল ডেস্কঃ গৰু বিহুৰ পুৱাই দেৰগাঁৱৰ হাঁহচৰাত লাটু দাস নামৰ এজন যুৱক গঁড়ৰ আক্ৰমণৰ সন্মুখীন হৈছিল। ইয়াৰ পিছতে পুনৰ দেৰগাঁৱৰ কৰৈয়নিত গঁড় খেদিবলৈ যোৱা বন কৰ্মীৰ গুলীত গুৰুতৰভাবে আহত হ'ল আন এজন যুৱক।

গঁড়লৈ নিক্ষেপ কৰা গুলী সোমাল গৈ যুৱকজনৰ দিঙিত। এই ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্য কৰাৰ লগতে স্থানীয় ৰাইজক উত্তেজিত কৰি তুলিছে। উল্লেখ্য যে, পুৱা কাজিৰঙাৰ পৰা ওলাই যোৱা এটা গঁড়ে অতৰ্কিতে আক্ৰমণ কৰিছিল লাটু দাস নামৰ যুৱকজনক। এই সকলো দৃশ্য বন্দী হৈ ৰৈছিল কেমেৰাত।

গঁড়ৰ আক্ৰমণত অতি গুৰুতৰভাৱে আহত হৈছিল লাটু দাস। ইয়াৰ পিছতে কৰৈয়নিত গঁড়ৰ মুক্ত বিচৰণৰ খবৰ পোৱাত গঁড় খেদিবলৈ গৈছিল বন বিভাগৰ এটা দল।

এই দলটোৱে গঁড়লৈ নিক্ষেপ কৰা এটা গুলী সোমাইগৈ নাছিৰুদ্দিন আহমেদ নামৰ যুৱকজনৰ দিঙিত। ইয়াৰ পিছতে তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছে। ইফালে কিদৰে গঁড়লৈ নিক্ষেপ কৰা গুলী গৈ তেওঁৰ দিঙিত লাগিল তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। এই ঘটনাৰ তদন্ত কৰিবলৈ ঘটনাস্থলীত উপস্থিত হয় স্থানীয় দেৰগাওঁ আৰক্ষী।

গঁড়লৈ নিক্ষেপ কৰা গুলী সোমালগৈ যুৱকৰ দিঙিতঃ দেৰগাঁৱত পুনৰ অঘটন...
ডিমৰীয়াৰ কাৰ্বিসকলে পালন কৰিলে চৰং লাং কাপালো...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in