দেৰগাঁও আৰক্ষী একাডেমীৰ দুই ফৈদৰ সংঘৰ্ষ গোষ্ঠীগত নাছিল- মহাপ্ৰবন্ধক দেৱজ্যোতি মুখাৰ্জী

দেৰগাঁও আৰক্ষী একাডেমীৰ দুই ফৈদৰ সংঘৰ্ষ গোষ্ঠীগত নাছিল- মহাপ্ৰবন্ধক দেৱজ্যোতি মুখাৰ্জী
দেৰগাঁও আৰক্ষী একাডেমীৰ দুই ফৈদৰ সংঘৰ্ষ গোষ্ঠীগত নাছিল- মহাপ্ৰবন্ধক দেৱজ্যোতি মুখাৰ্জী

ডিজিটেল সংবাদ গোলাঘাটঃ ''দেৰগাঁৱৰ লাচিত বৰফুকন আৰক্ষী একাডেমীত সংঘটিত হোৱা ঘটনা কোনো গোষ্ঠীগত সংঘৰ্ষৰ লগত সম্পৰ্ক নাই । এয়া দুটা দলৰ মাজত হোৱা ভুল বুজাবুজিৰহে পৰিণাম। এতিয়া সকলো ঠিক হৈ গৈছে। মণিপুৰৰ পৰা অহা জ্যেষ্ঠ বিষয়াইও সকলো দিশ পৰ্যবেক্ষণ কৰিছে।এতিয়া একাডেমীৰ পৰিবেশ স্বাভাবিক।''

আজি গোলাঘাট সদৰ থানাৰ এক বিশেষ কক্ষ উদ্বোধনী অনুষ্ঠানলৈ অহা অসম আৰক্ষীৰ মধ্য অসম প্ৰান্তৰ মহাপ্ৰবন্ধক দেৱজ্যোতি মুখাৰ্জীয়ে সংবাদ মাধ্যমৰ আগত দুদিন পূৰ্বে দেৰগাৱৰ লাচিত বৰফুকন আৰক্ষী একাডেমীত নগা আৰু মণিপুৰী আৰক্ষী প্ৰশিক্ষাৰ্থীৰ দুটা দলৰ মাজত হোৱা সংঘৰ্ষৰ সম্পৰ্কত এনেদৰে কয়। তেওঁ আৰু কয় যে, এনেবোৰ ঘটনাৰ পুনৰাবৃত্তি ন'হবৰ বাবে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেয়া ইতিমধ্যে কৰা হৈছে।

উল্লেখযোগ্য যে যোৱা তিনি ফেব্ৰুৱাৰীত লাচিত বৰফুকন আৰক্ষী একাডেমিত নগা আৰু মণিপুৰী আৰক্ষী প্ৰশিক্ষাৰ্থীৰ মাজত হোৱা সংঘৰ্ষত ৬ গৰাকী প্ৰশিক্ষাৰ্থী আহত হৈ চিকিৎসাধীন হ'বলগীয়া হৈছিল। এই ঘটনাত চোকা অস্ত্ৰৰো ব্যৱহাৰ হোৱাৰ অভিযোগ উঠিছিল।

অন্যহাতে নতুন ৰূপত সজাই পৰাই তোলা গোলাঘাট আৰক্ষী থানাৰ পুৰণি ভৱনটো উদ্বোধন কৰি তেওঁ কয় যে, এই প্ৰকল্পত শিশু-মহিলাৰ বাবে পৃথক পৃথক কোঠাৰ ব্যৱস্থা কৰা হৈছে। অস্ত্ৰ শস্ত্ৰ, ড্ৰাগছ আদিৰ অভিযুক্তৰ বাববেও পৃথক পৃথক কোঠাৰ ব্যৱস্থা কৰাৰ লগতে অভিযুক্তক সোধাপোছাৰ বাবে আছুতীয়া কক্ষ আৰু থানালৈ অহা সাধাৰণ ৰাইজৰ বাবে শৌচাগাৰ, প্ৰসাৱাগাৰ আদিৰো পৃথক ব্যৱস্থা কৰা হৈছে।

এই উদ্বোধনী অনুষ্ঠানত জিলা আয়ুক্ত পি উদয় প্ৰবীণ,আৰক্ষী অধীক্ষক ৰাজেন সিং আৰু ,142 CRPF ৰ কামাণ্ডেন্ট শ্ৰী সোমনাথকে ধৰি কেইবাজনো বিশিষ্ট বিষয়া উপস্থিত থাকে‌।

দেৰগাঁও আৰক্ষী একাডেমীৰ দুই ফৈদৰ সংঘৰ্ষ গোষ্ঠীগত নাছিল- মহাপ্ৰবন্ধক দেৱজ্যোতি মুখাৰ্জী
মিচিং যুৱ মহোৎসৱত ব্যাপক জনসমাগম...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in