মিচিং যুৱ মহোৎসৱত ব্যাপক জনসমাগম...

মিচিং যুৱ মহোৎসৱত ব্যাপক জনসমাগম...
মিচিং যুৱ মহোৎসৱত ব্যাপক জনসমাগম...

ডিজিটেল সংবাদ চিলাপথাৰঃ ঐনিতমৰ মাতত জীপাল বৰলুইতৰ মৰুদ্যান। মিচিং যুৱ মহোৎসৱত ব্যাপক জনসমাগম। ঐনিতম- গুমৰাগৰ মাতত উত্তাল ব্ৰহ্মপুত্ৰৰ বলুকা।

চিলাপাথৰৰ কাৰেং চাপৰিত দেওবাৰৰ পৰা আৰম্ভ হোৱা নৱম বাৰ্ষিক মিছিং যুৱ মহোসৱৰ আজি দ্বিতীয় দিনাও ব্যাপক জনসমাগম দেখা গ'ল। উদুলি মুদুলি হৈ পৰিল বিশাল মহোৎসৱৰ বাকৰি।

ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে কাৰেং চাপৰিৰ বিশাল বালিচৰত চাৰিদিনীয়াকৈ অনুষ্ঠিত সমাৰোহত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা আহি সমবেত হ'ল হেজাৰ হেজাৰ লোক। পুৱাৰে পৰা উদযাপনস্থলীত দেখা গ'ল শিল্পী আৰু কলা- কৃষ্টি দলসমূহৰ বাৰেৱৰণীয়া গীত নৃত্য পৰিৱেশন।

মন পৰশা ঐনিতম আৰু গুমৰাগৰ উত্তাল মাতত মুখৰ হৈ ৰয় ব্ৰহ্মপুত্ৰৰ বিশাল বলুকা।অনুষ্ঠিত হ'ল গুমৰাগ চমান, ঐনিতম, লত্বা চমান, লেৰেলি চমান, কাবান, দুমদুম মানকা মৃনচুনাম আদি জনগোষ্ঠীয় গীত আৰু নৃত্য। ৰাজ্যখনৰ বিভিন প্ৰান্তৰ পৰা অহা পাচ সহস্ৰাধিক লোকে ভাগ ল'লে প্ৰতিযোগিতাত।

মহোৎসৱৰ প্ৰেক্ষাগৃহ, সাংস্কৃতিক মঞ্চ, জনগোষ্ঠীয় খাদ্যৰ বিপনীৰ পৰা বস্ত্ৰৰ বিপনীলৈকে সকলোতে কেবল মানুহৰ সমাগম দেখা গ'ল।

মিচিং যুৱ মহোৎসৱত ব্যাপক জনসমাগম...
ৰঙিয়াৰ বড়িগোগ গাওঁ পঞ্চায়ত ভৱন নিৰ্মাণৰ শুভাৰম্ভ বিধায়ক ভবেশ কলিতাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in