মৰঙিত হাতী-মানুহৰ সংঘাত উপশমৰ লক্ষ্যৰে গৱেষণা...

গোলাঘাট জিলাৰ বৃহত্তৰ মৰঙী মৌজা আৰু ইয়াৰ কাষৰীয়া নুমলীগড় অঞ্চলত বছৰ বছৰ ধৰি হাতী-মানুহৰ সংঘাত

author-image
Asomiya Pratidin
New Update
মৰঙিত হাতী-মানুহৰ সংঘাত উপশমৰ লক্ষ্যৰে গৱেষণা...

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট জিলাৰ বৃহত্তৰ মৰঙী মৌজা আৰু ইয়াৰ কাষৰীয়া নুমলীগড় অঞ্চলত বছৰ বছৰ ধৰি হাতী-মানুহৰ সংঘাতৰ বাবে জুৰুলা হৈ পৰিছে সাধাৰণ কৃষিজীৱি ৰাইজ। কাষৰীয়া নামবৰ দৈগ্ৰোং বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ লগত হোৱা মানুহৰ সংঘাত দূৰ কৰিবলৈ চৰকাৰে আজি পৰ্যন্ত কোনো ফলপ্ৰসু আঁচনি গ্ৰহণ নকৰাত এইবাৰ ৰাইজক সকাহ দিবৰ বাবে এক গৱেষণা মূলক আঁচনি হাতত লৈছে মৰঙিৰ সামাজিক উন্নয়ন ফ'ৰামে।

Advertisment

ইয়াৰ বাবে মৰঙিৰ ৫খন গাঁও অতি বেছি আৰু ৫খন গাঁও অতি কম উপদ্ৰৱৰ গাঁও হিচাপে বাচি লৈ ইতিমধ্যে প্ৰাথমিক পৰ্যায়ৰ জৰীপ আৰম্ভ কৰিছে। বিশিষ্ট গৱেষক ড০ অনন্ত বৰাৰ নেতৃত্বত উক্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি ৰাইজৰ লগত মত বিনিময় কৰি পৰিৱেশ আৰু পৰিস্থিতিৰ বাস্তৱ দিশটো অধ্যয়নৰ কামো আৰম্ভ হৈছে। ৰাইজেও এই প্ৰচেষ্টাক বিপুল সঁহাৰি জানাইছে।

Also Read: অসম আৰক্ষীত ২৬২ কোটিটকীয়া কেলেংকাৰী...

assam forest department