২৩ আগষ্ট, ৬.৪ বজাতঃ সফল হ'ল ভাৰতৰ চন্দ্ৰ অভিযান। চন্দ্রপৃষ্ঠত অৱতৰণ লেণ্ডাৰ বিক্রমৰ। অনন্য অভিলেখৰ গৰাকী হ’ল ইছৰ’।চন্দ্রৰ দক্ষিণ মেৰুত অৱতৰণ কৰা প্রথমখন দেশ হ’ল ভাৰত।
চন্দ্ৰযান-৩ৰ চন্দ্ৰপৃষ্ঠত সফল অৱতৰণ কৰা দৃশ্য লাইভ চাবলৈ ক্লিক কৰক তলৰ লিংকটোত
২৩ আগষ্ট. ৫.০৬ বজাতঃ চফ্ট লেণ্ডিঙৰ জৰিয়ে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব বিক্ৰম লেণ্ডাৰে। এই লেণ্ডাৰখন পৰিচালিত হৈছে সৌৰ শক্তিৰে।
২৩ আগষ্ট, ৫.০৫ বজাতঃ নাছাকে ধৰি কেইবাটাও মহাকাশ সংস্থাই যোগাযোগ ৰাখিছে ইছৰোৰ সৈতে।
২৩ আগষ্ট, ৫.০৩ বজাতঃ দক্ষিণ আফ্ৰিকাত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰ্চুৱেলী এই চন্দ্ৰ অভিযানৰ বিৰল মূহুৰ্তৰ সাক্ষী হ'ব।
২৩ আগষ্ট,৪-৫২ বজাত-এই অভিযান সফলভাৱে লেণ্ডাৰ বিক্ৰমৰ পৰা নামি অহা প্ৰজ্ঞান ৰ’ভাৰে প্ৰথমে চন্দ্ৰপৃষ্ঠত ভাৰতৰ জাতীয় পতাকা উৰুৱাব। তাৰপাছত চন্দ্ৰপৃষ্ঠত আঁকিব অশোক স্তম্ভ।
২৩ আগষ্ট,৪-৫০বজাতঃ অসমৰ দুজন বিজ্ঞানী এই অভিযানৰ সৈতে জড়িত। তাৰে এজন চয়ন দত্ত আনগৰাকী তিনচুকীয়াৰ নিধি শৰ্মা।
২৩ আগষ্ট, বিয়লি ৪-৪৭ বজাতঃ ২০২৩ৰ ১৪ জুলাইত উতক্ষেপণ কৰা হৈছিল চন্দ্ৰযান-৩।এতিয়ালৈকে সকলো সুচাৰুৰূপে চলি আছে বুলি ইছৰ’ৰ সূত্ৰত প্ৰকাশ।
২৩ আগষ্ট, বিয়লি ৪-৪৫ বজাতঃ বিৰল ইতিহাস ৰচিবলৈ সাজু ভাৰত।৬ বাজি ৪ মিনিটত চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব বিক্ৰম লেণ্ডাৰে।