দুৰাৰোগ্য ৰোগত আক্ৰান্ত দেৰগাঁৱৰ ছাত্ৰঃ মুখ্যমন্ত্রীলৈ সহায়ৰ আহ্বান মাতৃৰ...

দুৰাৰোগ্য ৰোগত আক্ৰান্ত দেৰগাঁৱৰ ছাত্ৰঃ মুখ্যমন্ত্রীলৈ সহায়ৰ আহ্বান মাতৃৰ

author-image
Asomiya Pratidin
New Update
দুৰাৰোগ্য ৰোগত আক্ৰান্ত দেৰগাঁৱৰ ছাত্ৰঃ মুখ্যমন্ত্রীলৈ সহায়ৰ আহ্বান মাতৃৰ...

ডিজিটেল সংবাদ, দেৰগাঁওঃ শিক্ষা জীৱনৰ মাজতে এজন ছাত্ৰ আক্ৰান্ত হৈছে দুৰাৰোগ্য ৰোগত। ছাত্র জন হৈছে দেৰগাঁও নেঘেৰিটিংৰ কছাৰী লাইনৰ অতি দৰিদ্ৰ পৰিয়ালৰ কিশোৰ বিকাশ মীৰ্ধা । যি বৰ্তমান কৰ্কট ৰোগৰ দৰে এক মহামাৰী ৰোগত আক্ৰান্ত হৈছে ৷

Advertisment

নৱম শ্ৰেণীত অধ্যয়ন কৰি থকা কিশোৰজন পিতৃহাৰা। দুৰ্ভগীয়া কিশোৰটো মাতৃয়ে আনৰ ঘৰত দিনহাজিৰা কৰি কোনো মতে পোহপাল দি আহিছে। তিনি মাহৰ আগতে কিশোৰ বিকাশ মিৰ্ধাৰ পেটৰ অস্বাভাৱিক বিষ হোৱাৰ বাবে যোৰহাট মেডিকেল কলেজত চিকিৎসা কৰাওতে চিকিৎসাকে কৰ্কট ৰোগ বুলি অৱগত কৰে।

যাৰ বাবে তেওঁক বৰ্তমান উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ যাবলৈ চিকিৎসকে পৰামৰ্শ আগবঢ়াই। দৰিদ্ৰ পৰিয়ালটোৱে অৰ্থৰ অভাৱত কিশোৰজনৰ উন্নত চিকিৎসা কৰিব পৰা নাই। পুত্ৰৰ কথা ভাৱি কান্দোনত ভাগি পৰিছে জন্মদাত্ৰী । দৈনিক হাজিৰা কাম কৰি কোনোমতে পেটৰ ভাত মোকোলোৱা মাতৃ যেন এতিয়া উপায়বিহীন । যিহেতু মহানগৰীৰ ডাঃ বি বৰুৱা কেঞ্চাৰ হাস্পতালত উন্নত চিকিৎসাৰ বাবে বহু পৰিমাণৰ ধনৰ প্ৰয়োজন;

সেয়ে পৰিয়ালটোক চৰকাৰৰ লগতে ৰাইজে সহায়ৰ হাত আগবঢ়ালেহে কিশোৰজন সুস্থ হৈ উঠাৰ সম্ভাৱনা আছে ৷ নিজ পুত্ৰৰ উন্নত চিকিৎসাৰ বাবে মাতৃয়ে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন ভড়ালী, ৰাইজৰ লগতে শুভকাংশী, দল সংগঠনৰ পৰা বিচাৰিছে আৰ্থিক সহায় । তেওঁলোকৰ বেংকৰ একাউণ্ট নম্বৰঃ ৫৯০৪৬৩২৬৬৯২ আৰু আই এফ এছ চি নম্বৰ- আই ডি আই বি০০০ডি৫৭৭ (IFSC: IDIB000D577)।

Also Read: মঙলদৈ বিনোৱা প্ৰাথমিক বিদ্যালয়ৰ ১২৫ বছৰীয়া জয়ন্তী উদযাপনৰ প্ৰস্তুতি...

dergaon