মঙলদৈ বিনোৱা প্ৰাথমিক বিদ্যালয়ৰ ১২৫ বছৰীয়া জয়ন্তী উদযাপনৰ প্ৰস্তুতি...

মঙলদৈ বিনোৱা প্ৰাথমিক বিদ্যালয়ৰ ১২৫ বছৰীয়া জয়ন্তী উদযাপনৰ প্ৰস্তুতি

author-image
Asomiya Pratidin
New Update
মঙলদৈ বিনোৱা প্ৰাথমিক বিদ্যালয়ৰ ১২৫ বছৰীয়া জয়ন্তী উদযাপনৰ প্ৰস্তুতি...

ডিজিটেল সংবাদ,‌ মঙলদৈঃ মঙলদৈ চহৰৰ নিকটৱৰ্তী চপাইত ১৮৯৯ চনত গধিয়াপাৰা প্ৰাথমিক বিদ্যালয় নামেৰে প্ৰতিষ্ঠিত শিক্ষানুষ্ঠানখনলৈ বিনোৱা ভাৱে আগমণ ঘটাত এই শিক্ষানুষ্ঠানখন পৰৱৰ্তী কালত বিনোৱা প্ৰাথমিক বিদ্যালয় হিচাবে নামকৰণ কৰা হয়। গঞা ছাত্ৰ-ছাত্ৰীক জ্ঞানৰ বন্তি জ্বলাই অহা এই শিক্ষানুষ্ঠানখনৰ ১২৫ বছৰীয়া জয়ন্তী অহা ২৩, ২৪ আৰু ২৫ ডিচেম্বৰত উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে।

Advertisment

এই উপলক্ষে দেওবাৰে শিক্ষানুষ্ঠানখনত উদযাপন সমিতিৰ সভাপতি ডাঃ অৰবিন্দ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত ৰছিদ বহী উন্মোচনী সভাত মুঠ ১.৪৭ লাখ টকা সংগ্ৰহ হয়। উদযাপন সমিতিৰ সদস্য, কবি সাহিত্যিক সূৰ্য্য শৰ্মাই আঁত ধৰা এই সভাত প্ৰাক্তন ছাত্ৰ, নগাঁৱৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ বিজয় কুমাৰ শৰ্মাই বন্তি প্ৰজ্বলন আৰু ভকতপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দিনেশ্বৰ ডেকাই ৰছিদ বহী উন্মোচন কৰে।

সভাত উন্মোচক দিনেশ্বৰ ডেকা, গীতিকাৰ প্ৰভাত চৌধুৰী, ড৹ বিজয় কুমাৰ শৰ্মাই ২০ হাজাৰ টকাকৈ, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী ৰুণু দেৱী, যুৱ ব্যৱসায়ী ধনমণি ডেকা, উদযাপন সমিতিৰ সম্পাদক ৰমেশ চহৰীয়াই ১০ হাজাৰ টকাকৈ; অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক লক্ষীকান্ত শৰ্মা, দলংঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ নৱ কুমাৰ শৰ্মা, অৱসৰপ্ৰাপ্ত শিক্ষক তিলক চন্দ্ৰ ডেকা, অৱসৰপ্ৰাপ্ত স্বাস্থ্য কৰ্মী তিলক চন্দ্ৰ দাস, ব্যৱসায়ী মুনু নাথ, অৱসৰপ্ৰাপ্ত জোৱান হৰিচন্দ্ৰ নাথ, অৱসৰপ্ৰাপ্ত ডাক বিষয়া গুণেশ্বৰ চহৰীয়া, অৱসৰপ্ৰাপ্ত সেনা বিষয়া সভাৰাম কেওট, লেঙেৰীপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তিলেশ্বৰ নাথ, গধিয়াপাৰাৰ দুৰ্লভ ডেকাই ৫ হাজাৰ টকাকৈ; ব্যৱসায়ী উপেন চন্দ্ৰ ডেকাই ৪ হাজাৰ, প্ৰাক্তন খেলুৱৈ ননীকান্ত নাথে ২ হাজাৰ আৰু কবি, সাহিত্যসেৱী পদ্মেশ্বৰ চহৰীয়াই এহেজাৰ টকা আগবঢ়ায়।

অনুষ্ঠানত বিশিষ্ট ব্যৱসায়ী তিলক চন্দ্ৰ ডেকাই বিদ্যালয়ৰ স্থায়ী তোৰণ নিৰ্মাণ কৰি দিয়াৰ অঙ্গীকাৰ কৰে। সভাত অৱসৰপ্ৰাপ্ত সহকাৰী অভিযন্তা ৰমণীমোহন শৰ্মা, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সূৰ্য্য ডেকা, কাৰ্যকৰী সভাপতি বলোৰাম ডেকাকে শতাধিক লোক উপস্থিত থাকে। আনহাতে ১২৫ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি এখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰা হ'ব। এই স্মৃতিগ্ৰন্থৰ বাবে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, শুভাকাংক্ষীৰ পৰা বিভিন্ন লেখা উদযাপন সমিতিয়ে বিচাৰিছে। ইচ্ছুকসকলক লেখাসমূহ লক্ষীকান্ত শৰ্মা, সম্পাদক, স্মৃতিগ্ৰন্থ উপসমিতি, বিনোৱা প্ৰাথমিক বিদ্যালয়, চপাইচৌকা, মঙলদৈ, ৭৮৪৫২৯ এই ঠিকনাত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

Also Read: মণিপুৰ হিংসাঃ মিজোৰামতো কটকটীয়া নিৰাপত্তা...

MANGALADAI