সৰুপথাৰত বন বিভাগৰ চকুৰ সন্মুখতে চলিছে ধ্বংস যজ্ঞ...

সৰুপথাৰত বন বিভাগৰ চকুৰ সন্মুখতে চলিছে ধ্বংস যজ্ঞ...

author-image
Asomiya Pratidin
New Update
সৰুপথাৰত বন বিভাগৰ চকুৰ সন্মুখতে চলিছে ধ্বংস যজ্ঞ...

সৰুপথাৰত বন বিভাগৰ চকুৰ সন্মুখতে চলিছে ধ্বংস যজ্ঞ...

ডিজিটেল সংবাদ গোলাঘাটঃ গোলাঘাট জিলাৰ সৰুপথাৰৰ নাওজানত এফালৰ পৰা মূল্যবান গছ কাটি তহিলং কৰিছে একাংশ দুষ্টচক্ৰই ৷ শনিবাৰে পুৱা নাওজান ৰেলবিভাগৰ মাটিত থকা মূল্যবান গছ কাটিবলৈ নাওজানৰে দিগন্ত পাঠক নামৰ এজন লোকৰ নেতৃত্বত এটা দলে চেষ্টা চলাওতেই একাংশ সচেতন লোকে বনবিভাগক খবৰ দিয়ে ৷

Advertisment

উল্লেখযোগ্য যে, নাওজান বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ পৰা মাত্ৰ কিছু নিলগতে উক্ত মূল্যবান গছ কটা সম্পৰ্কে জনাই নাছিল বনবিভাগ । যি বিষয়ক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

এই ঘটনাৰ খবৰ পোৱাৰ পিচত উক্ত মূল্যবান গছ বনবিভাগে জব্দ কৰিছে যদিও উক্ত ঘটনাক কেন্দ্ৰ কৰি বনবিভাগ, আৰক্ষী আৰু ৰেলবিভাগৰ মাজত হাহাকাৰ লাগিছে ৷ ইতিমধ্যে নাওজান বনবিভাগে দিগন্ত পাঠকৰ বিৰুদ্ধে নাওজান আৰক্ষীৰ ওচৰত এক এজাহাৰ দাখিল কৰিছে ৷

আনহাতে, বৰ্তমানলৈকে এজনো অভিযুক্তক নাওজান আৰক্ষীয়ে আটক কৰিব নোৱাৰা বিষয়টোৱে সমগ্ৰ ঘটনাক ৰহস্যৰ সৃষ্টি কৰিছে ৷ ইফালে, মূল্যবান গছ কটাৰ আৰঁৰ মূল অভিযুক্ত দিগন্ত পাঠকক এই পৰ্য্যন্ত আটক কৰিব নোৱাৰাত অভিযুক্ত পাঠকক ৰক্ষণাবেক্ষণ দিয়াৰো অভিযোগ উঠিছে ৷

উল্লেখযোগ্য যে, এই নাওজান বনাঞ্চলিক বিষয়াৰ অন্তৰ্গত মহিমা গাঁৱত বিকাট' চিচি নামৰ এজন নগালোকে অবৈধভাৱে এটা কাঠৰমিল চলাই থকাৰ অভিযোগো দীৰ্ঘদিনীয়া ৷ কেৱল ইমানেই নহয় নাওজানৰ পৰাই দীৰ্ঘদিনধৰি চুবুৰীয়া ৰাজ্য নাগালেণ্ডলৈ অবৈধভাৱে কাঠৰ চোৰাং বেহা চলাই আহিছে একাংশ দুষ্টচক্ৰই।

Also Read: মুখ্যমন্ত্ৰীৰ শোকবাণী পত্ৰ লাভ কৰি আৱেগিক প্ৰয়াত সমৰ তালুকদাৰৰ পত্নী-কন্যা

বন ধ্বংস সৰুপথাৰ