অসমৰ বান-গৰাখনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা আৰু স্থায়ী সমাধানৰ দাবী...

অসমৰ বান-গৰাখনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা আৰু স্থায়ী সমাধানৰ দাবী...

author-image
Asomiya Pratidin
New Update
অসমৰ বান-গৰাখনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা আৰু স্থায়ী সমাধানৰ দাবী...

ডিজিটেল সংবাদ, গোলাঘাট : অসমৰ বানপানী আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা আৰু তাৰ স্থায়ী সমাধানৰ দাবীত শুকুৰবাৰে সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাই জিলা সদৰত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে। আজি বছৰ বছৰ ধৰি ছাত্ৰ সন্থাই অসম আৰু কেন্দ্ৰৰ চৰকাৰৰ ওচৰত এই দাবী উত্থাপন কৰি আহিছে।

Advertisment

অসমৰ প্ৰাকৃতিক সম্পদসমূহ কেন্দ্ৰৰ নিজা সম্পত্তি, কিন্তু অসমৰ সমস্যাৰ ক্ষেত্ৰত সদায় মাহী আইৰ দৃষ্টি ৰাখে বুলি ক্ষোভ প্ৰকাশ কৰে। তাৰ পৰিপ্ৰেক্ষিতত আজি গোলাঘাট জিলা ছাত্ৰ সন্থাই প্ৰতিবাদেৰে উত্তাল কৰি তোলে গোলাঘাটৰ ৰাজপথ।

বিক্ষোভ কাৰ্যসূচীত ছাত্ৰ কৰ্মীসকলে 'বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক, বান-গৰাখহনীয়াৰ স্থায়ী সমাধান কৰক, জলসম্পদ বিভাগ হায় হায়, দিল্লী-দিচপুৰ হায় হায়, সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ, সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থা জিন্দাবাদ আদি শ্লোগান দিয়ে। সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি অভিৱৰ্তন গোস্বামী, সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতি মিন্টু গগৈ আৰু সাধাৰণ সম্পাদক চিৰঞ্জীৱ বৰাৰ নেতৃত্বত বিক্ষোভ কাৰ্যসূচীত শতাধিক ছাত্ৰ কৰ্মীয়ে অংশগ্ৰহণ কৰে।

Also Read: কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় কামপুৰ কেন্দ্ৰত শৈক্ষিক সজাগতামূলক সভা

aasu protest protest