/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-30/6fbjquwl/f8f3195e-f835-40f2-a8f1-e172d73e24d7.jpg)
ডিজিটেল সংবাদ, কামপুৰ : নগাঁও জিলাৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান কামপুৰ মহামিদ্যালয় প্ৰাঙ্গনৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় কামপুৰ অধ্যয়ন কেন্দ্ৰত শুকুৰবাৰে এখনি শৈক্ষিক সজাগতামূলক সভা অনুষ্ঠিত হয়। কামপুৰ কেন্দ্ৰই আয়োজন এই অনুষ্ঠানটোত সমল ব্যক্তি হিচাপে উপস্থিত থাকে কৃষ্ণকান্তু সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সহকাৰী পঞ্জীয়ক বিৰিঞ্চি বৰা আৰু সহযোগী অধ্যাপক ডঃ ৰিদিপ দেৱ চৌধুৰী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-30/h1q2xs2c/e5e49759-276b-4292-9b5f-8f838ca0f004.jpg)
সভাখনত সভাপতিত্ব কৰে কামপুৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ পদ কাকতিয়ে। দুয়োগৰাকী সমল ব্যক্তিয়ে মুক্ত বিশ্ববিদ্যালয়খনৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰাৰ লগতে মুক্ত বিশ্ববিদ্যালয়খনে ইতিমধ্যে নানাধৰণৰ উপযোগীমূলক পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰাৰ কথা উল্লেখ কৰে।
তাৰোপৰি ছাত্ৰ-ছাত্ৰীসকলে এই ক্ষেত্ৰত সুবিধাবোৰ গ্ৰহণ কৰি উপকৃত হ'বলৈ আহ্বান জনায়। অধ্যাপক দেবাশীষ শইকীয়াই আঁত ধৰা সভাখনত স্থানীয় নাগৰিক ,অধ্যাপক-অধ্যাপিকাৰ লগতে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে।
Also Read: ৰ’দালি প্ৰকাশনৰ বৰ্ষপূৰ্তি অনুষ্ঠানৰ আয়োজন : উন্মোচন হ’ব কুৰিৰো অধিক গ্ৰন্থ