আঠখেলীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তৰ্ক প্ৰতিযোগিতা আৰু কৰ্মশালা সম্পন্ন...

আঠখেলীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তৰ্ক প্ৰতিযোগিতা আৰু কৰ্মশালা সম্পন্ন...

author-image
Asomiya Pratidin
New Update
আঠখেলীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তৰ্ক প্ৰতিযোগিতা আৰু কৰ্মশালা সম্পন্ন...

আঠখেলীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তৰ্ক প্ৰতিযোগিতা আৰু কৰ্মশালা সম্পন্ন...

ডিজিটেল সংবাদ গোলাঘাটঃ আঠখেলীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত আঠখেলীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰৰ অন্তৰ্ভুক্ত সমূহ সহযোগী উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এদিনীয়া তৰ্ক আৰু ৰাজহুৱা বক্তৃতা কৰ্মশালাৰ লগতে এখনি তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয়।তৰ্ক প্ৰতিযোগিতা খনিৰ বিষয় আছিল "ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ য়ে অসমৰ মাধ্যমিক শিক্ষা ব্যৱস্থাত বৈপ্লৱিক পৰিৱৰ্তন আনিব"।

Advertisment

অনুষ্ঠানটিত আঠখেলীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তুলসী হাজৰিকাই আদৰণি ভাষণ প্ৰদান কৰে। তৰ্ক কৰ্মশালাখনত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে তাৰ্কিক তথা বৰজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক মৃগাংক শেখৰ কোঁৱৰ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ গৱেষক ছাত্ৰ শৰৎ চেতিয়াই।

তৰ্ক প্ৰতিযোগিতাখনত ফৰকাটিং চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ দিপু ফুকন শ্রেষ্ঠ তাৰ্কিক হিচাপে বিবেচিত হোৱাৰ লগতে দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে ক্ৰমে ফৰকাটিং চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ সম্প্ৰীতি হাজৰিকা আৰু আঠখেলীয়া জাতীয় বিদ্যালয়ৰ পূৱালী শইকীয়াই।

কৰ্মশালাখনিত অঞ্চলটোৰ বিভিন্ন বিদ্যালয়ৰ প্ৰায় তিনি শতাধিক ছাত্ৰ-ছাত্ৰী বহুসংখ্যক শিক্ষক, শিক্ষয়ীয়ে অংশগ্ৰহণ কৰে।বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী মিঠু বৰপূজাৰীয়ে আঁত ধৰা অনুষ্ঠানটিৰ শেষত শলাগৰ শৰাই প্ৰদান কৰে সহকাৰী শিক্ষক টিলেশ্বৰ বৰাই।

Also Read: প্ৰকাশ পালে চূড়ান্ত ভোটাৰ তালিকা...

তৰ্ক প্ৰতিযোগিতা