/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/3114eae7-4914-4666-b0c2-b10eedfb18d6/Kaziranga_National_Park__File_photo.webp)
ৰাজ্যৰ চীফ ৱাইল্ড লাইফ ৱাৰ্ডেন হিচাপে সন্দীপ কুমাৰক দায়িত্ব...
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ আগমণৰ পূৰ্বে ৰাজ্য চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।আই এফ এছ বিষয়া সন্দীপ কুমাৰক চীফ ৱাইল্ড লাইফ ৱাৰ্ডেন হিচাপে তৎকালীন ভাৱে দায়িত্ব গ্ৰহণ কৰিবলৈ নিৰ্দেশ।
পৰিৱেশ আৰু বন বিভাগৰ সচিব মহম্মদ হাছানে স্বাক্ষৰ কৰা এক নিৰ্দেশনা অনুসৰি আই এফ এছ বিষয়া সন্দীপ কুমাৰক চীফ ৱাইল্ড লাইফ ৱাৰ্ডেন হিচাপে তৎকালীন ভাৱে দায়িত্ব গ্ৰহণ কৰিবলৈ কোৱা হৈছে। ১৯৮৯ বেটছৰ আই এফ এছ বিষয়াগৰাকী বৰ্তমান মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী আৰু জৈৱ-বৈচিত্ৰ্য) তথা বন আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সমিতি, অসমৰ প্ৰকল্প সঞ্চালক, হিচাপে দায়িত্ব পালন কৰি আছে।
আনহাতে মুখ্য বন সংৰক্ষক তথা বন সুৰক্ষা বাহিনীৰ মুৰব্বী মহেন্দ্ৰ কুমাৰ যাদৱক তেওঁ অতিৰিক্ত ভাৱে গ্ৰহণ কৰি থকা চীফ ৱাইল্ড লাইফ ৱাৰ্ডেনৰ দায়িত্ব সন্দীপ কুমাৰৰ হাতত অৰ্পণ কৰিবলৈ একেটা নিৰ্দেশনাত কোৱা হৈছে।
ইয়াৰোপৰি ১৯৮৯ ৰ আই এফ এছ বিষয়া সন্দীপ কুমাৰক জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সমিতি, অসমৰ প্ৰকল্প সঞ্চালক, হিচাপে দায়িত্ব পালন কৰি যাবলৈ কোৱা হৈছে।
মন কৰিবলগীয়া যে ৰাষ্ট্ৰপতি মুৰ্মুৰ ৰাজ্য ভ্ৰমণৰ আগতে তেওঁৰ পূৰ্বসূৰী ৰামনাথ কোবিন্দৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণে যথেষ্ট বিতৰ্কৰ সৃষ্টি কৰিছিল। উল্লেখ্য অহা ৬ এপ্ৰিলত ৰাষ্ট্ৰপকি দ্ৰৌপদী মুৰ্মু কাজিৰঙাত অনুষ্ঠিত হ'বলগীয়া গজ উৎসৱত অংশগ্ৰহণ কৰিবলৈ আহিব।
আনহাতে ইয়াৰ পূৰ্বে প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ২৬ আৰু ২৭ ফেব্ৰুৱাৰীত কাজিৰঙা ভ্ৰমণ কৰা বিষয়ক লৈ শেহতীয়াকৈ বিতৰ্কৰ সূচনা হৈছে। এনে প্ৰেক্ষাপটত এই ৰদবদলে বিশেষ তাৎপৰ্য বহন কৰিছে।
Also Read: বন্দীত্ব জীৱনৰ অৱসানঃ কাৰাগাৰৰ পৰা বাহিৰলৈ সিদ্ধু...
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us