/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2018/08/breaking-Plate.jpg)
ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে পুৱাই গোলাঘাটৰ শাক পাচলি বজাৰত উদ্ধাৰ হৈছে এটা মৃতদেহ। গোলাঘাট বজাৰত উদ্ধাৰ হোৱা লোকজনৰ নাম গোপাল চেত্ৰী। লোকজনৰ ঘৰ গোলাঘাট মিচন কম্পাউন্ডত।
পেচাত ৰং মিস্ত্ৰী গোপাল চেত্ৰী বুধবাৰে দিনৰ ১১ বজাত ঘৰৰ পৰা কামলৈ বুলি ওলাই যোৱা পাছত পুৱা গোপালৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। নিশা বহু পৰলৈকে গোপাল চেত্ৰী ঘৰলৈ উভতি নোযোৱাত পৰিয়ালৰ লোকে বহুবাৰ ফোন কৰিছিল গোপালৰ মবাইললৈ ।
এইয়া হত্যাকাণ্ড ঘটনা নে আন কিবা তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে । আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।
Also Read: আজি পবিত্ৰ বুদ্ধ পূৰ্ণিমা...