আৰক্ষীৰ নিৰ্লিপ্ততাৰ সুযোগত কাজিৰঙাত গৰু চুৰি চক্ৰৰ উপদ্ৰৱ...

আৰক্ষীৰ নিৰ্লিপ্ততাৰ সুযোগত কাজিৰঙাত গৰু চুৰি চক্ৰৰ উপদ্ৰৱ...
আৰক্ষীৰ নিৰ্লিপ্ততাৰ সুযোগত কাজিৰঙাত গৰু চুৰি চক্ৰৰ উপদ্ৰৱ...

ডিজিটেল সংবাদ কাজিৰঙাঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাতিকাষৰীয়া অঞ্চলত গৰু চুৰি চক্ৰ সক্ৰিয় হৈ থকাৰ ফলত গাঁৱৰ কৃষক ৰাইজৰ মূৰত ৰামটাঙোন সোধাইছে‌‌।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাতিকাষৰীয়া কলিয়াবৰ মহকুমাৰ অন্তৰ্গত কুঠৰীত অব্যাহত আছে গৰু চুৰিকাণ্ড।

এই বৃহৎ অঞ্চলৰ ৰাইজৰ লগতে বাগৰী,হাৰমতিৰ গাঁওবাসী অতিষ্ঠ হৈছে সঘনাই হৈ থকা চুুৰিৰ উপদ্ৰৱত। অভিযোগ অনুসৰি বাগৰি আৰক্ষী চকীৰ নিৰ্লিপ্ত ভূমিকাৰ সুযোগ গ্ৰহণ কৰি একাংশ গৰুচোৰে শেহতীয়াকৈ কুঠৰী অঞ্চলত নিশাৰ ভাগতে প্ৰৱেশ কৰি সুবিধা বুজি চুৰি কৰি নিয়ে গোহালীৰ গৰু।

ইতিমধ্যে অঞ্চলটোত গৰু চুৰিৰ বহুকেইটা ঘটনা সংঘটিত হৈছে যদিও আজিলৈ গা নলৰিল বাগৰি তহলদাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ।আৰক্ষীক লিখিতভাৱে বিষয়টো অৱগত কৰাৰ পাছতো কিয় আজিলৈ গৰু চোৰ চক্ৰটোক কৰায়ত্ত কৰাত হেমাহী প্ৰদৰ্শন কৰা হৈছে তাকে লৈ ৰহস্যৰ সৃষ্টি হৈছে।

অঞ্চলটোৰ ৰাইজৰ অভিযোগ নিশা নিয়মীয়া তহল নকৰি কেৱল দেওবাৰৰ দিনটোত গৰুৰ গাড়ীৰ পৰা জৰিমণা বিহাতহে তৎপৰ বাগৰী আৰক্ষী।স্মৰ্তব্য যে, এই গৰুচোৰ চক্ৰটোৰ সৈতে গৰুৰ চিণ্ডিকেট চক্ৰ জড়িত থকাৰ সন্দেহ ৰাইজৰ।গৰু চোৰক আটক কৰি বিহিত ব্যৱস্থা ল'বলৈ আৰক্ষীক আহ্বান জনাইছে স্থানীয় ৰাইজে ৷

আৰক্ষীৰ নিৰ্লিপ্ততাৰ সুযোগত কাজিৰঙাত গৰু চুৰি চক্ৰৰ উপদ্ৰৱ...
নতুন বিধাসভা ভৱনৰ সমীপত বাগৰিল ভক্ত কঢ়িয়াই নিয়া বাহন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in