গোলাঘাটত কংগ্ৰেছৰ ক'লা দিৱস! কংগ্ৰেছ নেতৃত্বৰ ওপৰত থকা গোচৰ প্ৰত্যাহাৰৰ দাবী

গোলাঘাটত কংগ্ৰেছৰ ক'লা দিৱস! কংগ্ৰেছ নেতৃত্বৰ ওপৰত থকা গোচৰ প্ৰত্যাহাৰৰ দাবী

author-image
Asomiya Pratidin
New Update
গোলাঘাটত কংগ্ৰেছৰ ক'লা দিৱস! কংগ্ৰেছ নেতৃত্বৰ ওপৰত থকা গোচৰ প্ৰত্যাহাৰৰ দাবী

ডিজিটেল সংবাদ, গোলাঘাটঃ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকে ধৰি কেইবাগৰাকী কংগ্ৰেছ নেতৃত্বৰ ওপৰত চৰকাৰে জাপি দিয়া গোচৰ প্ৰত্যাহাৰ কৰা আৰু যোৱা ২১ জানুৱাৰীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত ভূপেন বৰাৰ ওপৰত আক্ৰমণ কৰা দুবৃত্তক গ্ৰেপ্তাৰ কৰাৰ দাবীত সোমবাৰে গোলাঘাট জিলা কংগ্ৰেছে ক'লা দিৱস পালন কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

Advertisment

এই প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব দিয়া গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি দাদু তায়েই সংবাদ মাধ্যমৰ আগত কয় যে আমাৰ নেতৃত্বৰ ওপৰত জাপি দিয়া গোচৰ প্ৰত্যাহাৰৰ বাবে আমি দাবী জনাইছো। অন্যহাতে ২১ জানুৱাৰীত সভাপতি গৰাকীৰ ওপৰত হোৱা আক্ৰমণ সন্দৰ্ভত অসম আৰক্ষী কিম্বা ৰাজ্য চৰকাৰে কোনো ব্যৱস্থা নোলোৱা কাৰ্যক তেওঁ কঠোৰ সমালোচনা কৰি কয় যে দীব্যজ্যোতি বৰকটকীকে ধৰি আটাইকেইজন আক্ৰমণকাৰী এতিয়াও মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে। দোষীক চিনাক্তকৰণৰ পাছতো আৰক্ষীয়ে কিয় তেওলোকক কৰায়ত্ব কৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰি জিলা সভাপতি গৰাকীয়ে আৰু কয় যে আমাৰ দাবী সমূহ আমি স্মাৰক পত্ৰ যোগে জিলা আয়ুক্তৰ জৰিয়তে ৰাজ্যপাললৈ প্ৰেৰণ কৰিছো।

Also Read: ইংখং ওৱেলফেয়াৰ ছচাইটিৰ " মেন অফ দ্য ইয়েৰ " বঁটা জাপানৰ প্ৰফেচাৰ কায়ুকি কিৰ্জুলৈ

protest congress