শুকুৰবাৰে ধনশিৰিত মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিব সতী সাধিনীৰ সুউচ্চ প্ৰতিমূৰ্তী

শুকুৰবাৰে ধনশিৰিত মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিব সতী সাধিনীৰ সুউচ্চ প্ৰতিমূৰ্তী

author-image
Asomiya Pratidin
New Update
শুকুৰবাৰে ধনশিৰিত মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিব সতী সাধিনীৰ সুউচ্চ প্ৰতিমূৰ্তী

শুকুৰবাৰে ধনশিৰিত মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিব সতী সাধিনীৰ সুউচ্চ প্ৰতিমূৰ্তী

ডিজিটেল সংবাদ উৰিয়ামঘাটঃ এদিনীয়া কাৰ্যসূচীৰে ধনশিৰি মহকুমাত শুকুৰবাৰে উপস্থিত হ'বহি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। তেওঁ দিল্লীৰ পৰা পোনে পোনে আহি দুপৰীয়া ১২:৪৫ বজাত সৰুপথাৰ কুশল কোঁৱৰ ষ্টেডিয়ামত অৱতৰণ কৰি ছেৱাগুৰিলৈ যাত্ৰা কৰিব।

Advertisment

ছেৱাগুৰীত নৱনিৰ্মিত সতী সাধনী উদ্যানৰ লগতে উক্ত উদ্যানত স্থাপন কৰা প্ৰায় ৩১ ফুট উচ্চতাৰ সতী সাধনীৰ প্ৰতিমুৰ্তি এটি উন্মোচন কৰিব।ইয়াৰ পিছতেই সৰুপথাৰ নগৰত নুমলীগড় শোধনাগাৰৰ অৰ্থ সাহাৰ্যৰে নিৰ্মিত মুকলি মঞ্চত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়, চুতীয়া জনগোষ্ঠীৰ বিভিন্ন সংগঠন আৰু স্থানীয় প্ৰশাসনৰ সহযোগত হ'বলগীয়া সতী সাধনী দিৱসৰ মূল কাৰ্যসূচীত মূখ্যমন্ত্ৰীগৰাকীয়ে অংশ ল'ব।

এই অনু অনুষ্ঠানত অসম চৰকাৰৰ একাধিক মন্ত্ৰী, সাংসদৰ লগতে বহু বিশিষ্ট ব্যক্তিয়ে অংশ ল'ব। ইয়াৰ পিছতেই মূখ্যমন্ত্ৰীগৰাকী সৰুপথাৰ মহাবিদ্যালয়লৈ ৰাওনা হ'ব।

মহাবিদ্যালয়খনত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ সৈতে মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰ্তালাপ কৰাৰ লগতে অসম গেছ কোম্পানীৰ এক অনুষ্ঠানত প্ৰায় দুহেজাৰ কোটি টকা ব্যয়েৰে নিৰ্মান কৰা গেছ পাইপ লাইন আৰু বৰপথাৰৰ হেজাৰী গাঁৱত স্থাপন কৰা কোম্পানীটোৰ চি এন জি মাডাৰ ষ্টেচনটোৰ ভাৰ্চুৱেলী উন্মোচন কৰিব। এই তথ্য সদৰি কৰিছে স্থানীয় বিধায়ক বিশ্বজিতৎ ফুকনে।

Also Read: বৰ্ণাঢ্য কাৰ্যসূচীৰে আজিৰে পৰা আৰম্ভ 'ৰঙালী'...

হিমন্ত বিশ্ব শৰ্মা সতী সাধিনী