/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/7dcd12cc-2c12-4e64-98af-ee0a75d9a87f/flood_3.jpg)
ৰাজ্যৰ ২৮ খন জিলা বানৰ কবলতঃ ৩৮ জনে হেৰুৱালে প্ৰাণ, ১১ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত...
ডিজিটেল ডেস্কঃ ৰাজ্যত ক্ৰামাৎ জটিল ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জাৰি কৰা তথ্য অনুসৰিয়েই ১ জুলাইৰ তুলনাত ২ জুলাইৰ নিশালৈকে বহু বৃদ্ধি পালে বানত প্লাবিত অঞ্চলৰ সংখ্যা। ১ জুলাইলৈকে ৰাজ্যত ১৯ খন জিলা বানৰ কৱলত পৰিছিল যদিও ২ জুলাইৰ নিশালৈকে ২৮ খন জিলাত বানপানী হৈছে।
সেই অনুসৰি কামৰূপ, তামুলপুৰ, চিৰাং, মৰিগাওঁ, লখিমপুৰ, বিশ্বনাথ, ডিব্ৰুগড়, কৰিমগঞ্জ, ওদালগুৰি, নগাওঁ, বঙাইগাওঁ, শোণিতপুৰ, গোলাঘাট, হোজাই, দৰং, চৰাইদেউ, নলবাৰী, যোৰহাট, শিৱসাগৰ, কাৰ্বি আংলং, গোৱালপাৰা, ধেমাজি, মাজুলী, তিনিচুকীয়া, কোকৰাঝাৰ, বৰপেটা আৰু কাছাৰ জিলা পৰিছে বানৰ কবলত।
চৰকাৰী তথ্য অনুসৰিয়েই এই পৰ্যন্ত এই জিলা কেইখনৰ ৮৪ টা ৰাজহ চক্ৰৰ মুঠ ২২০৮ খন গাওঁ প্লাবিত হৈছে। এই বানত ক্ষতিগ্ৰস্ত হৈছে ১১৩৪৪৪৬ জন লোক। ইয়াৰোপৰি বানতৰ কবলত পৰিছে ৪২৪৭৬.১৮ হেক্টৰ কৃষিভূমি। ইয়াৰপৰি ৮৩২০৯৯ টা পশুধন এই বানৰ কবলত পৰিছে।
প্ৰশাসনৰ উদ্যোগত এতিয়ালৈকে ১৩০ টা সাহায্য শিবিৰ স্থাপন কৰা হৈছে। এই শিবিৰসমূহত১৮৪৫৯ গৰাকী বান পীড়িতই আশ্ৰয় গ্ৰহণ কৰিছে। বেচৰকাৰীভাৱে এই পৰ্যন্ত বানত ৪০ জনৰো অধিক লোকৰ মৃত্যু হোৱা বুলি প্ৰচাৰ হৈছে যদিও চৰকাৰী তথ্যত মৃতকৰ সংখ্যা ৩৮ জন বুলি উল্লেখ কৰা হৈছে।
Also Read: কোন এই সুন্দৰী? নিশাৰ গুৱাহাটীৰ ৰাজপথত ইমান উগ্ৰ !