চিন্তন বৈঠকৰ নামত খৰচ হ'ল ১ কোটি ৮৫ লাখ...

চিন্তন বৈঠকৰ নামত খৰচ হ'ল ১ কোটি ৮৫ লাখ...
চিন্তন বৈঠকৰ নামত খৰচ হ'ল ১ কোটি ৮৫ লাখ...

ডিজিটেল সংবাদ কাজিৰঙাঃ ২০২২ চনৰ ছেপ্তেম্বৰ মাহত কাজিৰঙাত ৰাজ্য চৰকাৰৰ উদ্যোগত অনুষ্ঠিত হোৱা চিন্তন বৈঠকত হোৱা খৰচ পোহৰলৈ অহাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে, তথ্য জনাৰ অধিকাৰ আইন, ২০০৫ অধিনিয়মৰ অধীনত অনুগ্ৰহ কৰি অসম চৰকাৰে ২৪ ছেপ্টেম্বৰৰ পৰা ২৬ ছেপ্টেম্বৰ ২০২২লৈ তিনিদিনীয়াকৈ কাজিৰঙাত অনুষ্ঠিত কৰা চিন্তন বৈঠকৰ এক RTI ত প্ৰকাশ পাইছে বিস্ফোৰক তথ্য।

উক্ত চিন্তন বৈঠকত মন্ত্ৰী, বিধায়ক, অতিথি,বিষয়া,আৰক্ষী জোৱান আৰু অন্যান্যসকলৰ বাবে হোটেলত থকা আৰু খোৱাৰ ব্যৱস্থা কৰা হৈছিল। অসম চৰকাৰে চিন্তন বৈঠকলৈ আমন্ত্ৰণ কৰি অনা দুজন বিশিষ্ট অতিথি ক্ৰমে বাবা সদগুৰু আৰু ৰবিশংকৰৰ অসমলৈ অহা-যোৱাৰ বিমানৰ ভাড়া, গুৱাহাটী আৰু কাজিৰঙাৰ হোটেলত থকা-খোৱাৰ ব্যৱস্থা কৰা হৈছিল।

এই গোটেইবোৰৰ বাবে ব্যয় কৰা ধনৰ পৰিমান আছিল প্ৰায় ১ কোটি ৮৫ লাখ টকা ৷ যাক লৈ অসন্তুষ্টি প্ৰকাশ সচেতন কাজিৰঙাবাসীৰ ৷ চিন্তন বৈঠকৰ নামত ৰাজকোষৰ কোটি কোটি টকা ব্যয় কৰাত মত ব্যক্ত কৰিছে সচেতন ৰাইজ তথা দল সংগঠনে ৷

উন্নয়নৰ নামত শূন্য গোলাঘাট জিলা প্ৰশাসনে ক’ৰ পৰা ইমান টকা খৰচ কৰিলে তাক লৈ উত্থাপন হৈছে বিভিন্ন প্ৰশ্ন ৷ কেৱল মাত্ৰ গোলাঘাট জিলা প্ৰশাসনে RTI ত দেখুওৱা এই তথ্যত সন্নিবিষ্ট নাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু অসম চৰকাৰৰ বিভিন্ন বিভাগৰ খৰচৰ বিৱৰণ ৷

বন্ধ কোঠাত তিনিদিনীয়াকৈ চিন্তন বৈঠক অনুষ্ঠিত কৰি কোটি টকাৰ শৰাধ পতা বিষয়টোৱেই আজিৰ তাৰিখত মূল্য বৃদ্ধিৰ অন্যতম কাৰণ আখ্যা কাজিৰঙাবাসীৰ ৷

চিন্তন বৈঠকৰ নামত খৰচ হ'ল ১ কোটি ৮৫ লাখ...
গহপুৰ মহকুমাত লাম্পী ৰোগত আক্ৰান্ত গো-ধন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in