গহপুৰ মহকুমাত লাম্পী ৰোগত আক্ৰান্ত গো-ধন...

গহপুৰ মহকুমাত লাম্পী ৰোগত আক্ৰান্ত গো-ধন...

author-image
Asomiya Pratidin
New Update
গহপুৰ মহকুমাত লাম্পী ৰোগত আক্ৰান্ত গো-ধন...

গহপুৰ মহকুমাত লাম্পী ৰোগত আক্ৰান্ত গো-ধন...

ডিজিটেল সংবাদ গহপুৰঃ গহপুৰ মহকুমাৰ বিভিন্ন প্ৰান্তত গো ধনসমূহৰ গাত দেখা গৈছে লাম্পীৰ দৰে ভাইৰাছ জনিত ৰোগ। বিশেষকৈ গহপুৰ দক্ষিনাঞ্চলৰ গো পালকসকলৰ লগতে উত্তৰাঞ্চলৰ গো পালকসকল চিন্তিত হৈ পৰিছে এই ৰোগক লৈ।

Advertisment

গৰু খুঁটিত ইটোৰ পিছত সিটো গৰু আক্ৰান্ত হৈছে লাম্পী ৰোগত। বহু ঠাইত গো ধনসমূহৰ মৃত্যুও হৈছে। চৰকাৰী ভাবে কোনো ধৰণৰ চিকিৎসা প্ৰদানৰ ব্যৱস্থা নকৰাত চৰকাৰী ব্যৱস্থাৰ প্ৰতি তীব্র ক্ষোভ প্ৰকাশ কৰিছে গো পালকসকলে।

বসন্ত ওলোৱাৰ দৰে সৰু সৰু দাগ হৈ টেমুনাৰ দৰে ফুলি উঠে দেহৰ বিভিন্ন অংশ।তাৰ পিছত এমাহ/দুমাহ পৰ্যন্ত এনেদৰে ৰোগত আক্ৰান্ত হৈ থাকে।উপযুক্ত চিকিৎসা নাপালে মৃত্যু হয় গো ধনসমূহৰ। ইমানৰ পিছতো কিন্তু কোনো ধৰণত পশু চিকিৎসকৰ দল আহি গহপুৰ মহকুমাৰ গো পালক সকলৰ কাষত থিয় দিয়া পৰিলক্ষিত হোৱা নাই।

Also Read: ৰাজনৈতিক বিবাদৰ মাজতে প্ৰধানমন্ত্ৰীলৈ মমতাই প্ৰেৰণ কৰিলে বংগৰ বিখ্যাত আম...

গহপুৰ