শিশুৰ শাৰীৰিক, মানসিক, বৌদ্ধিক বিকাশৰ লক্ষ্যৰে দৈগ্ৰোং নাট্যমন্দিৰত শিশু সমাৰোহ...

শিশুৰ শাৰীৰিক, মানসিক, বৌদ্ধিক বিকাশৰ লক্ষ্যৰে দৈগ্ৰোং নাট্য মন্দিৰ প্রাঙ্গনত মৰঙি আঞ্চলিক মইনা পাৰিজাতৰ চতুৰ্থ দ্বি-বাৰ্ষিক শিশু সমাৰোহ অনুষ্ঠিত হয়। শিশুৰ বর্ণাঢ্য কাৰ্যসূচীয়ে মুহিলে সহস্ৰজনক।

author-image
Asomiya Pratidin
New Update
শিশুৰ শাৰীৰিক, মানসিক, বৌদ্ধিক বিকাশৰ লক্ষ্যৰে দৈগ্ৰোং নাট্যমন্দিৰত শিশু সমাৰোহ...

শিশু সমাৰোহ

ডিজিটেল সংবাদ, নুমলীগড়ঃ শিশুৰ শাৰীৰিক, মানসিক, বৌদ্ধিক বিকাশৰ লক্ষ্যৰে দৈগ্ৰোং নাট্য মন্দিৰ প্রাঙ্গনত মৰঙি আঞ্চলিক মইনা পাৰিজাতৰ চতুৰ্থ দ্বি-বাৰ্ষিক শিশু সমাৰোহ অনুষ্ঠিত হয়। শিশুৰ বর্ণাঢ্য কাৰ্যসূচীয়ে মুহিলে সহস্ৰজনক।

Advertisment

মইনা পাৰিজাতৰ শুভ্ৰ পোছাক পৰিহিত কণ কণ শিশুসকলে অসমীয়া সংস্কৃতি তথা মানৱীয় প্ৰমূল্যৰ উদাহৰণ দাঙি ধৰিলে। সাম্প্ৰতিক যান্ত্ৰিকতাৰ সময়ছোৱাত কেৱল মোবাইলৰ মাজতেই একাংশ শিশু ব্যস্ত থকাৰ সময়ত মৰঙি আঞ্চলিক মইনা পাৰিজাতৰ অন্তৰ্গত ১০খন শাখাৰ শতাধিক শিশুৱে দেখুৱালে এই আদৰ্শ।

কাৰ্যসূচী অনুসৰি সোমবাৰে পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, প্ৰদৰ্শনী দ্বাৰ উন্মোচন, শাখা পঞ্জীয়ন ইয়াৰ পিচতে সংগীত চকী, সংগীত বল, চিত্ৰাংকন প্ৰতিযোগিতা, কুইজ আদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয় কণ কণ মইনাসকলৰ মাজত। এই সমাৰোহত বিভিন্ন খেল-ধেমালিৰ লগতে কবিতা আদিৰ মাজেৰে শিশুৰ চৰিত্ৰ গঠনত সহায়ক হোৱাকৈ বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হয়। সমান্তৰালকৈ শিশুসকলে মাৰ্চপাচ আৰু শাৰীৰিক ব্যায়াম প্ৰদৰ্শন কৰে ।

Also Read: প্ৰায় ৪ কোটিটকীয়া পথ নিৰ্মাণত অনিয়ম, নিৰ্মাণ সম্পূৰ্ণ নকৰাকৈয়ে মুকলাই লৈ গ’ল সম্পূৰ্ণ ধন!