প্ৰায় ৪ কোটিটকীয়া পথ নিৰ্মাণত অনিয়ম, নিৰ্মাণ সম্পূৰ্ণ নকৰাকৈয়ে মুকলাই লৈ গ’ল সম্পূৰ্ণ ধন!

৯.৫৬০ মিটাৰ অংশ পথ নিৰ্মাণৰ বাবে ৩,৩৪,৯৮,০০০.০০ টকাৰ লগতে মেৰামতিৰ বাবে ৬২ লাখৰো অধিক টকা অনুমোদন জনোৱা হৈছিল ৷ উক্ত নিৰ্মাণ কাৰ্যৰ দায়িত্ব জনৈক পাটোৱাৰী ঠিকাদাৰে লাভ কৰিছিল ।

author-image
Asomiya Pratidin
New Update
প্ৰায় ৪ কোটিটকীয়া পথ নিৰ্মাণত অনিয়ম, নিৰ্মাণ সম্পূৰ্ণ নকৰাকৈয়ে মুকলাই লৈ গ’ল সম্পূৰ্ণ ধন!

নিৰ্মাণ সম্পূৰ্ণ নকৰাকৈয়ে মুকলাই লৈ গ’ল সম্পূৰ্ণ ধন!

ডিজিটেল সংবাদ, টেঙাখাতঃ ডিব্ৰুগড় জিলাৰ দুলিয়াজান বিধান সভা সমষ্টিৰ অন্তৰ্গত তথা টেঙাখাত ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় আৰু লোকনিৰ্মাণ বিভাগ টেঙাখাত উপ-সংমণ্ডল বিষয়া কাৰ্যালয়ৰ অধীনস্থ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা আঁচনিত শেহতীয়াকৈ নিৰ্মাণ কৰা চৈয়াং পথৰ কাম তদানীন্তন ঠিকাদাৰে নিম্ন মানদণ্ডৰে কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ লগতে আঁচনিৰ নিৰ্দেশনা উলংঘা কৰাৰ স্বত্বেও বিভাগীয় কৰ্তৃপক্ষৰ ৰহস্যজনকভাবে নীৰৱ ভূমিকা পালন কৰিছে ৷ ইয়াৰ উপৰিও অঞ্চলটোৰ দল সংগঠনসমূহে নীৰৱ ভূমিকা পালন কৰাত সচেতন ৰাইজৰ মাজত চৰ্চাৰ বিষয় হৈ পৰিছে ।

Advertisment

উল্লেখ্য যে , এল-বি-টি পথৰ পৰা আৰম্ভ হৈ টেঙাখাত উন্নয়ন খণ্ডৰ সন্মুখেদি যোৱা চৈয়াং পথটোৰ সৰু-অভয়পুৰীয়া গাঁৱৰ নামঘৰৰ সন্মুখৰ পৰা চকলীপথাৰলৈ বিস্তৃত ৯.৫৬০ মিটাৰ অংশ নিৰ্মাণৰ বাবে ৩,৩৪,৯৮,০০০.০০ টকাৰ লগতে মেৰামতিৰ বাবে ৬২ লাখৰো অধিক টকা অনুমোদন জনোৱা হৈছিল ৷ উক্ত নিৰ্মাণ কাৰ্যৰ দায়িত্ব জনৈক পাটোৱাৰী ঠিকাদাৰে লাভ কৰিছিল ।

আঁচনি মৰ্মে ৪ মে,২০২১ তাৰিখে উক্ত কাম আৰম্ভ কৰি ১ফ্ৰেবুৱাৰী২০২২ তাৰিখে সমাপ্ত হ’ব লাগে যদিও সেয়া কাৰ্যত পৰিলক্ষিত নহল। পিছে ঠিকাদাৰে ইতিমধ্যে পথৰ কাষে কাষে পথ নিৰ্দেশনা তথা অন্যান্য সতৰ্ক সাৱধানী চিহ্ন সম্বলিত ফলক সমূহ স্থাপন কৰি কৰ্তৃপক্ষৰ পৰা সম্পূৰ্ণ ধন আদায় কৰে ৷

পথটোৰ সৰ্বাধিক অংশত চিৰাল ফাঁট মেলাৰ উপৰিও চাইড বান্ধ নিদিয়াৰ লগতে প্ৰায় এক কিলোমিটাৰ অংশ নিৰ্মাণৰ পিচতে চিৰাচিৰকৈ উৱলি যোৱাহেতু ব্লেকটেপিং এৰুৱাই পথৰ কাষে কাষে দ'ম- দ'মকৈ থোৱা পৰিলক্ষিত হৈছে । ব্লেকটেপিং এৰুৱাই পুনৰ মেৰামতি নকৰাত তথা পথৰ চাইডবান্ধ নিদিয়া বাবে সম্প্ৰতি বৰষুণৰ পানীৰে পথটো কদৰ্যময় হৈ পৰিছে ৷ যাৰ ফলত সাধাৰণ ৰাইজৰ যাতায়তত পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে । বিভাগীয় কতৃপক্ষই চকুমুদা কুলিৰ ভূমিকা পালন কৰাত ভুক্তভূগী ৰাইজে তীব্ৰ ক্ষোভ ব্যক্ত কৰা পৰিলক্ষিত হৈছে ৷

Also Read: গুৱাহাটী প্ৰেছ ক্লাবৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন, মুখ্য অতিথি হিচাপে উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰীকা...

#TENGAKHANT