স্বয়ম্ভু পশু চিকিৎসকৰ কাণ্ডঃ কেচি-কটাৰী লৈ কৰি গৈছে পশুধনৰ অস্ত্ৰোপ্ৰচাৰ, বন্ধ্যাকৰণ...

স্বয়ম্ভু পশু চিকিৎসকৰ কাণ্ডঃ কেচি-কটাৰী লৈ কৰি গৈছে পশুধনৰ অস্ত্ৰোপ্ৰচাৰ, বন্ধ্যাকৰণ...
স্বয়ম্ভু পশু চিকিৎসকৰ কাণ্ডঃ কেচি-কটাৰী লৈ কৰি গৈছে পশুধনৰ অস্ত্ৰোপ্ৰচাৰ, বন্ধ্যাকৰণ...

ডিজিটেল সংবাদ মেৰাপানীঃ মেৰাপানীত এইবাৰ আৰ্বিভাৱ হৈছে মুন্নাভাই ৰূপী চিকিৎসকৰ। পিছে এইজন চিকিৎসক এম বি বি এছ নহয়। তেওঁ ৰূপ ধাৰণ কৰিছে পশু চিকিৎসকৰহে।

হাতত কেচি-কটাৰী লৈ তেওঁ ঘূৰি ফুৰে গাঁৱে গাঁৱে। গাঁৱৰ সহজ সৰল লোকক নিজকে পশু চিকিৎসক বুলি পৰিচয় দি ধনৰ বিনিময়ত কৰে পশুধনৰ অস্ত্ৰোপ্ৰচাৰ অথবা ছাগলী, গাহৰিৰ বন্ধ্যাকৰণ।

পিছে এশ গৰু মাৰিলে বাঘৰো মৰণ। স্বয়ম্ভু পশু চিকিৎসক প্ৰতীম ঠেঙ্গালৰ ভুল চিকিৎসাৰ বলি হৈ চাউদাংপথাৰ অঞ্চলত কেইবাঘৰো লোকৰ গাহৰি, ছাগলীৰ মৃত্যু হোৱাত মেৰাপানী ৰাজ্যিক পশু চিকিৎসালয়ৰ কাষ চপাত ওলাই পৰিল জোলোঙাৰ মেকুৰী।

গাঁৱৰ একাংশ লোকে প্ৰতীম ঠেঙ্গালকে পশু চিকিৎসক বুলি ভাৱি অহা ভুলটো পোহৰলৈ আহিল চিকিৎসালয়ত। ভুৱা চিকিৎসক প্ৰতীম ঠেঙ্গালৰ বিৰুদ্ধে কেইবাজনো গো-পালকে অভিযোগ দাখিল কৰে।

সেই অভিযোগৰ ভিত্তিতে মেৰাপানী ৰাজ্যিক চিকিৎসালয়ৰ বিষয়া তথা চিকিৎসক ডাঃ শংকুৰাজ বৰাই ভুৱা চিকিৎসক প্ৰতীম ঠেঙ্গালৰ বিৰুদ্ধে উপযুক্ত প্ৰমাণসহ মেৰাপানী আৰক্ষী থানাত দাখিল কৰিলে গোচৰ। ঘটনাৰ সন্দৰ্ভত চিকিৎসকজনে এনে ভণ্ড লোকৰ প্ৰৰোচনাত সৰ্বসাধাৰণ লোকক নপৰিবলৈ সজাগ হোৱাৰ আহ্বান জনাইছে।

স্বয়ম্ভু পশু চিকিৎসকৰ কাণ্ডঃ কেচি-কটাৰী লৈ কৰি গৈছে পশুধনৰ অস্ত্ৰোপ্ৰচাৰ, বন্ধ্যাকৰণ...
জাগীৰোডত ১৪০ টা টিউবেল স্থাপনৰ কাম আৰম্ভঃ এটা টিউবেলে সামৰি ল'ব ৩০ বিঘা ভূমি...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in