গোলাঘাটৰ ফৰকাটিঙত বাৰ্মিজ চুপাৰী জব্দ...

গোলাঘাটৰ ফৰকাটিঙত বাৰ্মিজ চুপাৰী জব্দ...
গোলাঘাটৰ ফৰকাটিঙত বাৰ্মিজ চুপাৰী জব্দ...

ডিজিটেল সংবাদ গোলাঘাটঃ আজি গোলাঘাট আৰক্ষী থানাৰ অন্তৰ্গত ফৰকাটিং আৰক্ষী চকীৰ এটা দলে গোলাঘাট মেৰাপানী পথৰ পৰা ম্যানমাৰৰ পৰা মণিপুৰ, নাগালেণ্ডৰ উখা জিলা হৈ গোলাঘাটৰ মাজেৰে বহি: ৰাজ্য লৈ সৰবৰাহ কৰিব বিচৰা দুই ট্ৰাক বাৰ্মিজ চুপাৰী জব্দ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে ট্ৰাক দুখনৰ পৰা ৬৬ বস্তা চুপাৰী জব্দ কৰে। উল্লেখযোগ্য যে, আৰক্ষীৰ তালাচীৰ মাজতো আমদানি আইন অমান্য কৰাৰ লগতে কৰ ফাঁকি দি ভাৰত-ম্যানমাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত অতিক্ৰম কৰি মিজোৰাম মণিপুৰ অথবা নাগালেণ্ড হৈ অসমৰ মাজেৰে বাৰ‌মিজ চুপাৰী বহিঃ ৰাজ্যলৈ সৰবৰাহ হৈ থকা বিষয়টো নতুন কথা নহয়।

পূৰ্বতে এই অবৈধ সৰবৰাহকাৰীসকলে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু লামডিং,হোজাই , নগাঁও হৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেদি চুপাৰী সৰবৰাহ কৰি আহিছিল যদিও বৰ্তমান উক্ত পথসমূহত আৰক্ষীয়ে অধিক সৰ্তক দৃষ্টি ৰখাত চুপাৰী সৰবৰাহকাৰীসকলে মণিপুৰৰ পৰা নাগালেণ্ডৰ উখা জিলা হৈ অসমৰ গোলাঘাট জিলাৰ মেৰাপানীৰ মাজেৰে চুপাৰী সৰবৰাহ কৰাৰ নতুন কৌশল অৱলম্বন কৰিবলৈ লৈছে।

আজি ফৰকাটিঙত জব্দ কৰা ট্ৰাক কেইখনৰ নম্বৰ হল AS 03 BC 9961 আৰু AS 03CC 2435। আৰক্ষীয়ে এই সৰবৰাহ কাৰ্যত জড়িত থকা দুজন লোকক আতক কৰি তদন্ত অব্যাহত ৰাখিছে।

গোলাঘাটৰ ফৰকাটিঙত বাৰ্মিজ চুপাৰী জব্দ...
ডাঃ অনিল অৰোৰালৈ জীৱনজোৰা সাধনা বঁটা...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in