ডিজিটেল সংবাদ কাজিৰঙাঃ কাজিৰঙাত গছত আঁৰি দিয়া বাফাৰ জ’নৰ ফলকক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ৷ ৰাইজৰ অজ্ঞাতে বাফাৰ জ’নৰ ফলক লগোৱাত শংকিত কাজিৰঙাৰ চেপেনা-হালোৱা গাওঁৰ ৰাইজ।
উল্লেখ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ হাতীখুলি চাহ বাগিছাৰ গছত আৰিঁ দিয়া বাফাৰ জ’নৰ ফলকক লৈ শংকিত হৈ পৰিছে গাওঁবাসী ৷ কিয়নো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই যদিহে বাফাৰ জ’ন ঘোষণা কৰে তেন্তে সেই ঠাইত কোনো ধৰণৰ নিৰ্মাণকাৰ্য্য বা আন কোনো স্থায়ী প্ৰতিষ্ঠান গঢ়াত বাধা প্ৰদান কৰাৰ লগতে নতুন সংযোজনৰ ব্যৱস্থা কৰে উদ্যান কৰ্তৃপক্ষই ৷
কিন্তু অত্যন্ত ঘন জনবসতিপূৰ্ণ চেপেনাকোবোৱা-হালোৱা গাওঁৰ চাহবাগিছাৰ গছত বাগিছা কৰ্তৃপক্ষই লগোৱা বাফাৰ জ’নৰ ফলকে বিভ্ৰান্তিৰ সৃষ্টি কৰিছে ৷ যাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্থানীয় লোক তথা দল সংগঠনে ৷
ৰাইজক হতভম্ব কৰা তথা আতংকৰ সৃষ্টি কৰা এই ফলকসমূহ অতি সোনকালে আঁতৰাই দিয়াৰ আহ্বান অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৷ৰাইজৰ অজ্ঞাতে এনে ফলক লগাই ৰাইজক হতভম্ব কৰোৱা হাতীখুলি চাহ বাগিছাৰ বিৰুদ্ধে বোকাখাত মহকুমা প্ৰশাসনক ব্যৱস্থা লোৱাৰ দাবী সংগঠনটোৰ।