ন্যায়ালয়ৰ নিৰ্দেশক অৱমাননাৰে কাৰ্বি পাহাৰত বন ধ্বংস ! কাজিৰঙাৰ বন্যপ্ৰাণীৰ প্ৰতি আহিছে ভাবুকি...

ন্যায়লয়ৰ নিৰ্দেশক অৱমাননাৰে কাৰ্বি পাহাৰত বন ধ্বংস ! কাজিৰঙাৰ বন্যপ্ৰাণীৰ প্ৰতি আহিছে ভাবুকি...
ন্যায়লয়ৰ নিৰ্দেশক অৱমাননাৰে কাৰ্বি পাহাৰত বন ধ্বংস ! কাজিৰঙাৰ বন্যপ্ৰাণীৰ প্ৰতি আহিছে ভাবুকি...

ডিজিটেল সংবাদ কাজিৰঙাঃ কাৰ্বি আংলঙৰ সেউজ পাহাৰত চলিছে বন ধ্বংসৰ অঘোষিত প্ৰতিযোগিতা ৷ একাংশ বনদস্যু নামি পৰিছে কাৰ্বি পাহাৰ ধ্বংসযজ্ঞত ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশত থকা পাহাৰ ধ্বংসৰ ফলত কাজিৰঙাৰ বন্যপ্ৰাণীৰ প্ৰতিও যে ভাবুকিৰ সৃষ্টি কৰিব তাৰ প্ৰতি ভ্ৰূক্ষেপ নাই সংশ্লিষ্ট চৰকাৰী বিভাগসমূহৰ ৷ কেতিয়াবা যদি পাহাৰ খনন কেতিয়াবা আকৌ বন ধ্বংস।

কিন্তু এইবাৰ অলপ ব্যতিক্ৰম, ভূমি সংৰক্ষণ বিভাগৰ কাৰ্যালয়ৰ লগতে অস্থায়ী গৃহ নিৰ্মাণ কৰি বন ধ্বংসত নামি পৰিছে একাংশ। বানৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ ত্ৰাণকৰ্তা স্বৰূপ কাৰ্বি পাহাৰৰ বন ধ্বংসৰ ফলত বন্যজন্তুৰ প্ৰতি সৃষ্টি কৰা ভাবুকিক আওকাণ কৰি অব্যাহত থকা পাহাৰ ধ্বংসৰ বিৰুদ্ধে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কাজিৰঙাত৷

২০১৯ চনতে সৰ্বোচ্চ ন্যায়ালয়ে কাজিৰঙাৰ দাঁতি কাষৰীয়া কাৰ্বি পাহাৰত খনন অথবা বন ধ্বংসৰ কাৰ্যত নিষেধাজ্ঞা জাৰি কৰাৰ পাছতো অবাধ গতিত চলি আছে পাহাৰ ধ্বংস ৷ এই ক্ষেত্ৰত অসম জাতীয়তবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনায় যে, কাজিৰঙাৰ বন্যজন্তুৰ সুৰক্ষাৰ স্বাৰ্থত চৰকাৰে অতিশীঘ্ৰে ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰি বন ধ্বংস ৰোধ কৰিব লাগে৷

তেওঁলোকৰ প্ৰশ্ন যে, ৰক্ষকেই ভক্ষকৰ ভূমিকা পালন কৰিছে নেকি কাজিৰঙাত ? যিহেতু ভূমি সংৰক্ষণ বিভাগৰ কাৰ্যালয়ৰ কাষতে অস্থায়ী গৃহ নিৰ্মাণ কৰি যি বন ধ্বংস চলি আছে তাৰ ওপৰত কিয় এই বিভাগটোৱে দৃষ্টি নিক্ষেপ কৰা নাই ? নে এই বিভাগতোও জড়িত হৈ আছে এই কাৰ্যত সেইয়া আচলতে প্ৰশ্নবোধক।

ন্যায়লয়ৰ নিৰ্দেশক অৱমাননাৰে কাৰ্বি পাহাৰত বন ধ্বংস ! কাজিৰঙাৰ বন্যপ্ৰাণীৰ প্ৰতি আহিছে ভাবুকি...
গোৱালপাৰা আৰক্ষীৰ জালত ৬ টাকৈ দুধৰ্ষ ডকাইত...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in